টি–২০ বিশ্বকাপৰ ফাইনেলত ভাৰত

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত টি–২০ বিশ্বকাপ ছেমিফাইনেলত ভাৰতে ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

author-image
Asomiya Pratidin
New Update
ap new webGFG

ডিজিটেল ডেস্কঃ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত টি–২০ ক্ৰিকেট বিশ্বকাপ ছেমিফাইনেলত ভাৰতে ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এই জয়ৰ সৈতে ভাৰতীয় দলে টি–২০ বিশ্বকাপ ইতিহাসত চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। 

আজিৰ মেছখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ২০ অভাৰত ২৫৩ ৰান সংগ্ৰহ কৰিছিল। উত্তৰত ইংলেণ্ডে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও ২০ অভাৰত ২৪৬ ৰানতে সীমাবদ্ধ থাকি ৭ ৰানত পৰাজয় স্বীকাৰ কৰে। 

Capturefdfdfsdsad

ইংলেণ্ডৰ হৈ দৰ্শনীয় শতকীয় ইনিংছ খেলিছিল জেকব বেথেলে। তেওঁ ১০৫ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দুৱাৰলৈ লৈ গৈছিল যদিও শেষত দলটোক ফাইনেলত লৈ যাব নোৱাৰিলে। উল্লেখযোগ্য যে, দেওবাৰে ফাইনেল খেলত ভাৰতীয় দলৰ সৈতে মুখামুখি হব নিউজিলেণ্ড দল। 

ক্ৰিকেট খেল