
ডিজিটেল ডেস্কঃ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় বায়ু সেনাই পাকিস্তানত প্ৰবেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিছিল। এই অভিযানৰ সফলতাৰ পিছতে এইবাৰ ভাৰতৰ অন্যান্য সীমান্ত সমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সৈতে যুটীয়াভাৱে ম্যানমাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়। এন ডি টিভিত প্ৰকাশিত বাতৰি অনুসৰি, ভাৰত আৰু ম্যানমাৰ সেনাই একেলগে অভিযান চলাই ম্যানমাৰ সীমান্তত শিৱিৰ পাতি থকা এটা চীন সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ ১০টাকৈ শিৱিৰ তচনচ কৰে।
বাতৰি মতে, দুই ৰাষ্ট্ৰৰ সেনা বাহিনীক এই অভিযান ৰূপায়নত ১০ দিন সময়ৰ প্ৰয়োজন হয়। অপাৰেশ্যন ছানৰাইজ নামেৰে চলোৱা এই অভিযানৰ বাবে ভাৰতে ম্যানমাৰক প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যোগান ধৰে।
উল্লেখ্য যে, ম্যানমাৰত আত্মগোপন কৰি থকা চীন সমৰ্থিত সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে মিজোৰাম হৈ কলকতাত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰস্তুতি চলোৱাৰ খবৰ লাভ কৰাৰ পিছতে ম্যানমাৰ সেনাৰ সৈতে লগ লাগি ভাৰতীয় সেনাই এই অভিযান চলায়।