স্বাধীনতা দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ইণ্ডিয়ান অয়লৰ অন্তৰ্গত বটদ্ৰৱা কৃষাণ সেৱা কেন্দ্ৰৰ উদ্যোগত বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
DGDDFDFD SDSDS

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ইণ্ডিয়ান অয়লৰ অন্তৰ্গত বটদ্ৰৱা কৃষাণ সেৱা কেন্দ্ৰৰ উদ্যোগত বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। 

Advertisment

WhatsApp Image 2025-08-15 at 10.39.48 AM

পুৱা বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰত দুজোপা মেহগনি গছপুলি ৰোপণ কৰাৰ পাছত বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতন, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা থান প্ৰাংগণ, সতীৰাধিকা স্মৃতি ক্ষেত্ৰ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ চৌহদত মেহগনি গছৰ পুলি ৰোপণ কৰা হয়। 

WhatsApp Image 2025-08-15 at 10.39.46 AM

বিশিষ্ট সমাজকৰ্মী সুনিল বৰুৱাৰ তৎপৰতাত অনুষ্ঠিত এই গছপুলি ৰোপণ কাৰ্যসূচীত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হিৰামনি বৰুৱা, বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। 

বটদ্ৰৱা