/asomiyapratidin/media/media_files/2025/08/20/new-ap-web-1-19-2025-08-20-15-40-23.jpg)
ডিজিটেল ডেস্কঃ এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ এই সময়ছোৱাত তেওঁক আৰু সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডা, কিৰেন ৰিজিজু আৰু অৰ্জুন ৰাম মেঘৱাল আদিৰ লগতে প্ৰায় ২০ জন প্ৰস্তাৱক আৰু ২০ জন সমৰ্থক উপস্থিত থাকে।
ইয়াৰ পূৰ্বে তেওঁ সংসদ ভৱনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুলৰ মালা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ উপৰিও তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজ, জ্যোতিৰাও ফুলে, ৰাণী লক্ষ্মীবাই, বি আৰ আম্বেদকাৰ আৰু ভগৱান বিৰ্ছা মুণ্ডাৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। এই সময়ছোৱাত ৰাধাকৃষ্ণণৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ জোশী, কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, ৰাম মোহন নাইডু কিঞ্জাৰপু, এল মুৰুগন আৰু বিজেপি নেতা বিনোদ তাৱড়েও উপস্থিত আছিল।
এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণণৰ নাম ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ প্ৰতি আস্থা প্ৰকাশ কৰি কয় যে, তেওঁ এগৰাকী "উৎকৃষ্ট" উপ-ৰাষ্ট্ৰপতি হ’ব। প্ৰধানমন্ত্ৰী মোডীয়ে 'এক্স'ত লিখিছে, "মন্ত্ৰী, দলীয় সহকৰ্মী আৰু এনডিএ নেতাসকলৰ সৈতে মই থিৰু চি পি ৰাধাকৃষ্ণণক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত সংগ দিওঁ। এন ডি এ পৰিয়ালৰ বিশ্বাস যে তেওঁ এজন অসাধাৰণ উপ-ৰাষ্ট্ৰপতি হ’ব আৰু আমাৰ জাতীয় প্ৰগতিৰ যাত্ৰাক সমৃদ্ধ কৰিব।"
প্ৰধানমন্ত্ৰী মোডীয়ে ৰাধাকৃষ্ণণৰ নিষ্ঠা, নম্ৰতা আৰু বুদ্ধিমত্তাৰ প্ৰশংসা কৰি তেওঁৰ তামিলনাডুত দীৰ্ঘদিনীয়া গ্ৰাম্য পৰ্যায়ৰ কামৰ কথা উল্লেখ কৰে। উল্লেখ্য যে, এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চন্দ্ৰপুৰম পোন্নুচামী ৰাধাকৃষ্ণণে ২০২৪ চনৰ ৩১ জুলাইৰ পৰা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ পূৰ্বে ঝাৰখণ্ড, তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
তামিলনাডুৰ তিৰুপুৰত ১৯৫৭ চনৰ ২০ অক্টোবৰত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণণে কোইম্বাটোৰৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী গ্ৰহণকাৰী। পৰৱৰ্তী সময়ত তেওঁ ১৯৭৪ চনত ভাৰতীয় জন সংঘৰ সদস্যপদ লৈছিল। তাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ত যোগদান কৰিছিল।
১৯৯৬ চনত ৰাধাকৃষ্ণণক বিজেপি তামিলনাডুৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল, তাৰ পিছত তেওঁ ১৯৯৮ আৰু ১৯৯৯ চনত কোইম্বাটোৰৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।সাংসদ হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ (পি এছ ইউ) আৰু বিত্তৰ বাবে পৰামৰ্শদাতা সমিতিৰ সদস্য আছিল। ৰাধাকৃষ্ণণ শ্বেয়াৰ বজাৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত সংসদীয় বিশেষ সমিতিৰো সদস্য আছিল।