অৱৈধ কৰ ৰেহাইৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান

দেশজুৰি এক ব্যাপক অভিযানত নামিছে আয়কৰ বিভাগ। ২০০তকৈ অধিক ব্যক্তি—চাৰ্টাৰ্ড একাউণ্টেণ্ট, একাউণ্টেণ্ট আৰু চাকৰি কৰা কৰদাতাক লক্ষ্য কৰি চলোৱা হৈছে এই অভিযান।

author-image
Asomiya Pratidin
New Update
অৱৈধ কৰ ৰেহাইৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান

ডিজিটেল ডেস্কঃ আয়কৰ দাখিলৰ অন্তিম সময়সীমাৰ পূৰ্বে দেশজুৰি এক ব্যাপক অভিযানত নামিছে আয়কৰ বিভাগ। ২০০তকৈ অধিক ব্যক্তি—চাৰ্টাৰ্ড একাউণ্টেণ্ট, একাউণ্টেণ্ট আৰু চাকৰি কৰা কৰদাতাক লক্ষ্য কৰি চলোৱা হৈছে এই অভিযান।

Advertisment

অভিযোগ অনুসৰি এইসকলে কাগজবিহীন আয়কৰ দাখিল ব্যৱস্থাৰ অপব্যৱহাৰ কৰি Old Tax Regime-ত কৰ্টন দাবী কৰিছে। এই অভিযানত House Rent Allowance (HRA), বৈদ্যুতিক বাহনৰ ঋণৰ কৰ্টন আৰু Section 80GGC অধীনত ৰাজনৈতিক দানৰ নামেৰে কৰা ভুৱা দাবীক প্ৰধানকৈ লক্ষ্য কৰা হৈছে।

আয়কৰ বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত জনাই যে, “Section 80GGC ৰ ব্যাপক অপব্যৱহাৰ হৈছে। অনেক ব্যক্তি Registered Unrecognized Political Parties (RUPPs)লৈ ভুৱা দান দেখুৱাই কোটি কোটি টকাৰ আয়কৰ ৰেহাই লৈছে।”

তেওঁ লগতে কয়, “এই ধৰণৰ অবৈধ কৰ্টন দাবীয়ে কেৱল আয়কৰ ব্যৱস্থাকেই নহয়, ভাৰতৰ ৰাজনৈতিক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াকো বিঘ্নিত কৰে। ৰাজনৈতিক দলসমূহক টেক্স এভেইচনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে।”

অভিযানত আয়কৰ বিভাগে Section 132 (Searches) অধীনত কিছু স্থানত অনুসন্ধান আৰু Section 133A (Surveys) ৰ অধীনত অধিকাংশ স্থানত চাৰ্ছ চলাইছে। মুম্বাই, দিল্লী, জয়পুৰ আৰু আহমেদাবাদৰ বহু ঠাই এই অভিযানৰ আওতাত আহিছে।

এই অভিযান আয়কৰ বিভাগৰ “nudge campaign” ৰ অংশ হিচাপে আৰম্ভ কৰিছে। এই বছৰৰ আৰম্ভণিতে এনে অভিযানৰ কথা ঘোষণা কৰিছিল আৰু সতর্কতা জাৰি কৰিছিল। তাৰ পিছতো বহু কৰদাতাই জালিয়াতিৰ আশ্ৰয় লৈছিল।

আয়কৰ বিভাগে এক বিবৃতিত কয়, “ৰাষ্ট্ৰজুৰি চলা এই অভিযানৰ উদ্দেশ্য হ'ল এক দৃঢ় সতৰ্ক বার্তা প্ৰেৰণ কৰা, যাৰ জৰিয়তে ডিজিটেল টেক্স প্ৰক্ৰিয়াৰ অপব্যৱহাৰ বন্ধ কৰি টেক্স ব্যৱস্থাৰ সততা অটুট ৰখা।”

 

আয়কৰ বিভাগ