/asomiyapratidin/media/media_files/2025/08/14/ujjd-2025-08-14-10-47-11.jpg)
ডিজিটেল ডেস্কঃ অষ্টম শ্ৰেণীৰ এনচিইআৰটিৰ ইতিহাসৰ পাঠ্যপুথিত অসমৰ আহোম ৰাজবংশৰ ইতিহাসক 'ভুল’কৈ উপস্থাপন কৰাক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনচিই আৰটিৰ এই গুৰুতৰ ভুলৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ এখন পত্ৰ লিখিছে যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে।
এই পত্ৰত গগৈয়ে কয় যে প্ৰথমবাৰৰ বাবে আহোম ৰাজবংশৰ ইতিহাস পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ সুখী যদিও অধ্যায়টোৰ কিছু ভুল আৰু সৰলীকৰণে আহোমৰ বাস্তৱ ইতিহাসক বিকৃত কৰি তুলিছে। মঙলবাৰে লিখা পত্ৰখনত গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ভুলৰ ওপৰত আলোকপাত কৰিছে।
তেওঁ অভিযোগ কৰে যে যদিও পাঠ্যপুথিত আহোমসকলৰ উৎপত্তি বৰ্তমানৰ ম্যানমাৰৰ পৰা বুলি লিখা আছে, তথাপি ইতিহাসবিদৰ মতে তেওঁলোকৰ শিপা চীনৰ বৰ্তমানৰ ইউনান প্ৰদেশৰ টাই চহৰ মুং মাওৰ সৈতে জড়িত। পাইক ব্যৱস্থাক ‘বলপূৰ্বক শ্ৰম’ বুলি চিত্ৰিত কৰাৰ পৰিৱৰ্তে ইয়াক ভূমি আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা প্ৰশাসনিক আৰু সামৰিক সেৱা হিচাপে বৰ্ণনা কৰা উচিত আছিল।
লগতে ১৬৬৩ চনৰ ঘিলাজৰী ঘাট সন্ধি আহোমৰ বাবে পৰাজয় হিচাপে চিত্ৰিত হোৱাৰ বিপৰীতে গগৈয়ে কয় যে ই এক কৌশলগত যুদ্ধবিৰতি যিয়ে পৰৱৰ্তী সময়ত মোগলক বহিষ্কাৰৰ পথ প্ৰশস্ত কৰিছিল। চিঠিখনত আৰু কোৱা হৈছে যে আহোমসকলে ভূঞা মালিক শ্ৰেণীক ‘দমন’ কৰাৰ আখ্যানে তেওঁলোকৰ আত্মসাতৰ সূক্ষ্ম প্ৰক্ৰিয়াটোক আওকাণ কৰে।
তদুপৰি খেল প্ৰশাসন ব্যৱস্থা, ৰংঘৰ আৰু তলাতল ঘৰৰ দৰে ঐতিহাসিক গাঁথনি আৰু অসমীয়া প্ৰশাসন গঠনত এইৰাজবংশৰ অৱদানৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহ বাদ দিয়া হৈছে। গগৈয়ে কয়, “এই ভুল বৰ্ণনাই আহোমৰ ঐতিহাসিক গুৰুত্ব হ্ৰাস কৰাই নহয়, অসমৰ ঐতিহ্যক লৈ ভুল ধাৰণা বিয়পোৱাৰ আশংকাও সৃষ্টি কৰে।” এই বিষয়টো জৰুৰীভাৱে সমাধান কৰি অসমীয়া বিষয়ৰ বিশেষজ্ঞৰ লগত আলোচনা কৰি সংশোধিত সংস্কৰণ প্ৰকাশ কৰিবলৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আহ্বান জনায় গৌৰৱ গগৈয়ে।
উল্লেখ্য যে এনচিইআৰটিৰ পাঠ্যক্ৰমত এই ভুলে ইতিমধ্যে অসমৰ শিক্ষাবিদ আৰু ইতিহাসবিদসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে আৰু এনচিইআৰটিৰ অধ্যায়ক ‘বিভ্ৰান্তিকৰ’ আৰু ‘অসন্মানজনক’ বুলি অভিহিত কৰিছে।