/asomiyapratidin/media/media_files/2025/12/20/jduidokweowqio-2025-12-20-12-43-34.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ দেশৰ ভিতৰতে অন্যতম বৃহৎ তেজপুৰৰ মিছামাৰী মিলিটেৰী ষ্টেচনত অনুষ্ঠিত হোৱা উত্তৰ-পূৱ সংমণ্ডলৰ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত ' শিৱিৰৰ শুকুৰবাৰে সফলতাৰে সামৰণি পৰে। ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মহামন্ত্ৰেৰে উদযাপিত হোৱা এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ শিৱিৰত উদ্ভাসিত হয় ভাৰতৰ বৰ্ণিল সংস্কৃতি।
একতা আৰু সংহতিৰ বাৰ্তাবাহক এই শিৱিৰত এন চি চিৰ কেডেটসকলৰ মাজত নৃত্য ,গীত আৰু জাতীয় সংহতি সজাগতামূলক নাটৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ পৰা ৫৬০ গৰাকী কেডেটে অংশগ্ৰহণ শিবিৰৰ সামৰণি অনুষ্ঠানত পঞ্চম অসম বেটেলিয়ান তেজপুৰৰ প্ৰশাসনিক বিষয়া কৰ্ণেল মাধৱ বড়োয়ে সংস্কৃতিৰ আদান-প্ৰদানক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয় বুলি নিজা ভাষণত সদৰী কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/20/whatsapp-image-2025-12-20-12-43-53.jpeg)
আনহাতে, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন চি চিৰ বিষয়া বুদ্ধিনাথ মিশ্ৰ আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ এন চি চিৰ বিষয়া বৰ্ণালী শইকীয়াৰ তত্বাৱধানত ভাৰতীয় সেনা বাহিনীৰ বিষয়াসকলৰ বাবে আয়োজিত কৰা অনুষ্ঠানত কেডেটসকলে অখণ্ড ভাৰতৰ গৌৰৱময় সংস্কৃতিৰ লগতে এক ভাৰতীয়ৰ মধুৰ অনুভৱৰ সৈতে বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে।
উল্লেখ্য যে, তেজপুৰৰ গ্ৰুপ অফ কমাণ্ডিং অফিচাৰ তথা গ্ৰুপ কমাণ্ডাৰকে ধৰি শীৰ্ষ বিষয়া সকল উপস্থিত থকা এই অনুষ্ঠানত শিৱিৰৰ ভ্ৰমণ কাৰ্যসূচীৰ ভিতৰত অন্যতম ভাৰতীয় বায়ুসেনাৰ তেজপুৰস্থিত বিভিন্ন চাউনীসমূহ ভ্ৰমণ কৰোৱাৰ লগতে ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমান সমূহৰ বিষয়ে কেডেটসকলক অৱগত কৰোৱা হয়। ইয়াৰোপৰি ভাৰতীয় সেনাত যোগদানৰ হেতু আগ্ৰহী কৰিবলৈ এই কাৰ্যসূচী ৰখা বুলি এনচিচিৰ পঞ্চম অসম বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল উন্নী কৃষ্ণণে জানিবলৈ দিয়ে।
আনহাতে ঐতিহাসিক স্থান হিচাপে তেজপুৰৰ অগ্নিগড় পৰিদৰ্শন কৰাই ভাৰতৰ ভিন্ন প্ৰান্তৰ কেডেট সকলক এই স্থানৰ ইতিহাসৰ বিষয়ে এক সম্যক ধাৰণা দিয়াৰ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত তেজপুৰৰ যুদ্ধ স্মাৰক দৰ্শন কৰি শিবিৰৰ সকলো বিষয়াবৰ্গ আৰু কেডেটে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us