সমাজহিতৈষী কাম কৰাৰ পৰা বিৰত নাজিৰা পৌৰসভা

এক দুষ্ট চক্ৰই প্ৰচাৰ কৰিছে ভুৱা বাতৰি।

author-image
Asomiya Pratidin
New Update
new ap web  4 (4)

ডিজিটেল ডেস্কঃ নাজিৰা পৌৰ সভা আৰু শিমলুগুৰি পৌৰ সভাই কোনোধৰণৰ যাৱতীয় বিধি পালন নকৰাকৈ স্থাপন কৰিব বিচাৰিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। ইমানেই নহয় জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সু-উচ্চৰে নিৰ্মাণ কৰাৰ কৰিছে পৰিকল্পনা । এই ক্ষেত্ৰত এক দুষ্ট চক্ৰই প্ৰচাৰ কৰিছে ভুৱা বাতৰি। 

উল্লেখ্য যে জীয়াই থকা অৱস্থাত জুবিন গাৰ্গে  যি নিকৃষ্ট পলিটিক্সৰ বিৰোধিতা কৰি গ'ল, তেওঁৰে প্ৰতিমূৰ্তিক ব্যৱহাৰ কৰি  এতিয়া ৰাষ্ট্ৰপিতাক তুচ্ছ দেখাবলৈহে গেৰুৱা ৰাজনীতি আৰু ৰাজনৈতিক কু-শক্তি ব্যৱহাৰ কৰিলে সেয়া অনুধাৱন কৰাতো প্ৰয়োজনীয় । অন্ততঃ নাজিৰা সম-জিলাত জুবিন গাৰ্গৰ আদৰ্শক গেৰুৱা ৰাজনীতিৰে হত্যা কৰিবলৈ দিয়া নহব এই কথা উল্লেখ কৰে।  

তাৰোপৰি,  জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যানখনক শিল্পী উদ্যান হিচাপে নামাকৰণ কৰি তাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে।  প্ৰতিমূৰ্তি স্থাপন কৰাৰ বিপক্ষে নহয় বৰং শিল্পী উদ্যানখন শুৱনি কৰি জুবিন গাৰ্গৰ বিষয়ে উত্তৰ পুৰুষে জানিবলৈ তাত তেওঁৰ স্মৃতিত এটা অডিঅ'-ভিজুৱেল মিউজিয়াম স্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে। তাৰে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। 

যোৱা বৰ্ষৰ ৬ আগষ্টত নাজিৰাৰ গান্ধী ময়দানৰ উন্নয়নৰ উদ্দেশ্যেৰে ৩০ লাখ টকা যুগুতাই নাজিৰা পৌৰ সভাৰ Executive Officer লৈ পত্ৰ প্ৰেৰণ কৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈ প্ৰায় ১৫ মাহ সময় হ’ল যদিও আজিলৈ এই সম্পৰ্কে কোনো সহাঁৰি  লাভ কৰা নগল। নাজিৰা পৌৰ সভাই কাৰ স্বাৰ্থত বা কাৰ কালগ্ৰাসত পৰি এই সমাজহিতৈষী কাম কৰাৰ পৰা বিৰত থাকিল তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। 

আনফালে জুবিন গাৰ্গকো নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ তেখেতৰ অৱৰ্তমানত প্ৰথম জন্মদিনটোতেই কুণ্ঠাবোধ নকৰিলে এনে কাম কৰাত । এওঁলোকেই আধুনিক দিনৰ বদন বৰফুকন। সাধাৰণ জনতাক সতৰ্ক হ'বলৈ আহ্বান। যদি সাধাৰণ জনতা সতৰ্ক নহয় তেন্তে নাজিৰা নৰকলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নহ'ব। 

নাজিৰা