ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল বিশ্বনাথৰ নৱোদয়ঃ ৬ টা সোণসহ মুঠ ৮ টা পদক লাভ

নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা সৰ্বভাৰতীয় পৰ্যায়ত কৰ্নালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথে ৬ টা সোণসহ মুঠ ৮ টা পদক লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল বিশ্বনাথৰ নৱোদয়ঃ ৬ টা সোণসহ মুঠ ৮ টা পদক লাভ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত পুনৰবাৰ উজ্বলিল জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথ। নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা সৰ্বভাৰতীয় পৰ্যায়ত যোৱা ২০ আগষ্টৰ পৰা ২২ আগষ্টলৈ হাৰিয়ানাৰ কৰ্নালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথৰ ১০ গৰাকী বক্সাৰে অংশগ্ৰহণ কৰি ৬ টা সোণসহ মুঠ ৮ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। 

Advertisment

ইয়াৰে সোণৰ পদকপ্ৰাপ্ত খেলুৱৈসকল ক্ৰমে একাদশ শ্ৰেণীৰ ছাত্ৰ অয়ন জ্যোতিষ নাথ, চোৰাংচাৰ বসুমতাৰী, সুমন চৌহান, ৰিয়া দাস, নৱম শ্ৰেণীৰ য়ছৰাজ বৰ্মন আৰু অষ্টম শ্ৰেণীৰ জ্যোতিস্মিতা বৰুৱা। আনহাতে অষ্টম শ্ৰেণীৰ মানৱ দাসে ৰূপ আৰু একাদশ শ্ৰেণীৰ আদিত্য নাথে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। 

WhatsApp Image 2025-08-23 at 10.26.46 AM
প্ৰতিযোগিতাত সোণক পদকপ্ৰাপ্ত একাদশ শ্ৰেণীৰ অয়ন জ্যোতিষ নাথ

তাৰোপৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বক্সাৰৰ সন্মানো জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথৰ  চোৰাংচাৰ বসুমতাৰীয়েই লাভ কৰে। সোণৰ পদক লাভ কৰা বক্সাৰ কেইগৰাকীয়ে আগন্তুক স্কুল গেমচ ফেডাৰেচন অফ ইণ্ডিয়া(SGFI)ৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে।

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বক্সিঙৰ ৰিঙত দেখুওৱা এই সাফল্যৰ আঁৰত আছে বিদ্যালয়খনৰ বক্সিং প্ৰশিক্ষক বিকাশ জ্যোতি বৰা, বৰ্তমানৰ ক্ৰীড়া প্ৰশিক্ষক আশুতোষ সিং আৰু বক্সিং প্ৰশিক্ষক নৱজিত বসুমতাৰী। স্মৰ্তব্য, এই ৰাষ্ট্ৰীয় পৰ্যায়ত নবোদয় বিদ্যালয় সমিতিৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাত দেশৰ মুঠ ৮ টা মণ্ডলৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। 

WhatsApp Image 2025-08-23 at 10.26.47 AM
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বক্সাৰ চোৰাংচাৰ বসুমতাৰী

শ্বিলং মণ্ডলৰ অধীনস্থ জৱাহৰ নৱোদয় বিদ্যালয়, বিশ্বনাথৰ এই ঈৰ্ষণীয় সফলতাৰ উপৰিও প্ৰতিযোগিতাখনত একেটা মণ্ডলৰ হৈ অংশগ্ৰহণ কৰা আন কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়েও পদক লাভ কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি জে এন ভি পূব কামেংৰ জন টলু, জে এন ভি নলবাৰীৰ জনদ্বীপ তালুকদাৰে সোণৰ পদক, জে এন ভি মুখলাৰ মেৱানপ্যানচেখেম ৰেবন, জে এন ভি ৰিভয়ৰ কিটবৰ ক্লিফ, জে এন ভি চেৰচিপৰ ললথালন মাৱৈ, জে এন ভি মুখলাৰ  ইন্তিগ্ৰিতী ছিয়াংচায়ে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে আন ১৩ গৰাকী বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

WhatsApp Image 2025-08-23 at 10.26.48 AM
শ্বিলং মণ্ডলৰ পদকপ্ৰাপ্ত খেলুৱৈসকল

বক্সিং জৱাহৰ নৱোদয় বক্সিং প্ৰতিযোগিতা