কংগ্ৰেছত মুখ্যমন্ত্ৰী হ'বলৈ থাকিব লাগিব ৫০০কোটিৰ চুটকেছ!

প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুৰ এক মন্তব্যই জোকাৰণি সৃষ্টি কৰিছে পাঞ্জাৱৰ ৰাজনীতিত।  সিন্ধুৰ এই মন্তব্যই কংগ্ৰেছ দলটোকো ৰাইজৰ কাঠগড়াত থিয় কৰাইছে।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুৰ ৰ এক মন্তব্যই জোকাৰণি সৃষ্টি কৰিছে পাঞ্জাৱৰ ৰাজনীতিত।  সিন্ধুৰ এই মন্তব্যই কংগ্ৰেছ দলটোকো ৰাইজৰ কাঠগড়াত থিয় কৰাইছে। তেওঁ মন্তব্য কৰিছিল যে,  পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’বলৈ হ’লে ৫০০ কোটি টকা থকা ছুটকেছৰ প্ৰয়োজন।

সিন্ধুৰ এই বক্তব্যই বিৰোধীক সুযোগ দিয়াই নহয় কংগ্ৰেছ দলৰ ভিতৰতো আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতে সিন্ধুৰ পত্নীয়েও  কংগ্ৰেছে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰিলেহে তেওঁৰ স্বামী নৱজোত সিং সিদ্ধুৱে সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহিব বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰীৰ আসন ক্ৰয় কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাই বুলি কয় সিন্ধুৰ পত্নীয়ে। তেওঁ লগতে কয়-  ৫০০ কোটি টকা থকা ছুটকেছ যিয়েই অফাৰ দিয়ে তেওঁ মুখ্যমন্ত্ৰী হয় । অৱশ্যে তেওঁ স্পষ্ট কৰি দিলে যে কোনেও তেওঁলোকক টকা বিচৰা নাছিল, কিন্তু ব্যৱস্থাটো এনেকৈয়ে চলে।

সিন্ধু আৰু পত্নীৰ এনে বক্তব্যৰ পাছতে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে-  কংগ্ৰেছৰ ভিতৰত শীৰ্ষ নেতৃত্বৰ পৰা একে তলৰ নেতৃবৃন্দৰ লৈকে দুৰ্নীতিৰ কিমান প্ৰকোপ এই বক্তব্যই প্ৰমাণ কৰে। পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰেও অভিযোগ কৰি কয় যে,   কংগ্ৰেছৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পদ লাভৰ বাবে ৩৫০ কোটি  পৰ্যন্ত খৰচ কৰিছে।

কংগ্ৰেছ