/asomiyapratidin/media/media_files/2026/02/27/rguuuu-2026-02-27-19-07-56.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি (RGU)-ৰ পদাৰ্থ বিজ্ঞান বিভাগে সন্মানীয় নেচাৰ ইনডেক্স-২০২৫ ৰেংকিংত অভূতপূৰ্বভাৱে ৫৩তম স্থান লাভ কৰি দেশৰ বহু শীৰ্ষ স্থানীয় প্ৰতিষ্ঠানক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। একে সময়তে, স্প্ৰিংগাৰ নেচাৰে সংৰক্ষণ কৰা নেচাৰ ইনডেক্স ডাটাবেছত সামগ্ৰিক গৱেষণা আউটপুটৰ ক্ষেত্ৰত আৰজিইউয়ে ৮৯তম স্থান লাভ কৰিছে।
নেচাৰ ইনডেক্সে সদ্য ঘোষণা কৰা এই ৰেংকিংসমূহ সন্দৰ্ভত নিজৰ আনন্দ প্ৰকাশ কৰি আৰজিইউৰ উপাচাৰ্য প্ৰফেছৰ এ কে বুঢ়াগোহাঁয়ে কয়, “এই স্বীকৃতি প্ৰতিষ্ঠানটোৰ অত্যাধুনিক গৱেষণা, উদ্ভাৱন আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি থকা অটল প্ৰতিশ্ৰুতিৰ ফল। এইটো কেৱল আৰম্ভণি মাথোঁ; আমাৰ গৱেষণা আউটপুট উন্নত কৰাৰ ক্ষেত্ৰত আৰু বহু দূৰ আগবাঢ়িবলগীয়া আছে।”
পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক (গৱেষণা) ড° ফাইজুদ্দিন আহমেদে কয় যে, ভৌত বিজ্ঞান শাখাত বিভাগটোৱে সৰ্বভাৰতীয় ৫৩তম স্থান লাভ কৰাৰ লগতে আৰজিইউয়ে সামগ্ৰিক শৈক্ষিক আউটপুটৰ ক্ষেত্ৰত ১.৭৮ সামূহিক ক্ৰেডিট পইণ্টসহ সৰ্বভাৰতীয় ৮৯তম স্থান লাভ কৰিছে। তেওঁ লগতে কয়, “১ডিচেম্বৰ ২০২৪ৰ পৰা ৩০নৱেম্বৰ ২০২৫লৈ মূল্যায়ন সময়ছোৱাৰ ভিতৰত পদাৰ্থ বিজ্ঞান ক্ষেত্ৰৰ এক অতি সন্মানীয় জাৰ্নেল ‘ইউৰোপিয়ান ফিজিকেল জাৰ্নেলচি’ত মোৰ ছয়খন গৱেষণা প্ৰবন্ধ প্ৰকাশ পাইছে, এইটো জনাবলৈ পাই মই অত্যন্ত আনন্দিত।”
নেচাৰ ইনডেক্সহৈছে এক বৈশ্বিক ডাটাবেছ, যিয়ে প্ৰাকৃতিক বিজ্ঞানসমূহত উচ্চমানৰ গৱেষণা আউটপুটৰ অনুসৰণ কৰে। ইয়াক নেচাৰ ৰিছাৰ্চে সংৰক্ষণ কৰে আৰু পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূ-বিজ্ঞান আৰু জীৱ বিজ্ঞান আদিকে ধৰি ৮২খন সন্মানীয় বৈজ্ঞানিক জাৰ্নেলত প্ৰকাশিত গৱেষণা প্ৰবন্ধৰ আধাৰত প্ৰতিষ্ঠান আৰু দেশভিত্তিক কাৰ্য দক্ষতা মূল্যায়ন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us