/asomiyapratidin/media/media_files/2025/12/13/fdsdsdsdsd-2025-12-13-23-30-44.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ "আমাৰ দেশত বাল্যবিবাহ এক অতি গম্ভীৰ অপৰাধ হোৱাৰ পিছতো কোনো কোনো ঠাইত এতিয়াও বাল্য বিবাহ চলি আছে। অৱশ্যে অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে বহুত ভাল পদক্ষেপ লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।" মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাতকাৰে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আজি এইদৰে উল্লেখ কৰে।
তেওঁ লগতে উল্লেখ কৰে যে, অতি কঠোৰভাৱে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে অসমত আইন প্ৰণয়ন কৰিছে। যাৰ ফলস্বৰূপে আমি সকলোৱে অসমত বাল্য বিবাহ দিনকদিনে কমি যোৱাটো দেখা পাইছোঁ। মই ভাবো যে সমাজৰ ভাল চিন্তাৰ সৈতে যদি সঠিকভাৱে এই আইনৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়া এনে ধৰনৰ বেয়া কাৰ্যকলাপ কমিবলৈ ধৰে আৰু তাৰ উদাহৰণস্বৰূপে অসমত অতি ক্ষিপ্ৰতাৰে হ্ৰাস পোৱা বাল্যবিবাহৰ কথাকে উল্লেখ কৰিব পাৰি। ২০২১ বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষত অসমত মহিলা জনিত অপৰাধৰ ঘটনা যথেষ্ট হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে বাবে বহুত ভাল খবৰ বুলি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাতকাৰে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us