/asomiyapratidin/media/media_files/2025/10/31/5ryu7i8o98o09o0-2025-10-31-13-13-31.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি শুকুৰবাৰে বটদ্ৰৱাত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় একতা দৌৰ। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী নিৱেশৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তই স্বাধীন ভাৰতবৰ্ষক শক্তিশালী ৰূপত গঢ় দিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ অনুপ্ৰেৰণাত সমাজৰ প্ৰতিজন লোকে অখণ্ডতা ৰক্ষা কৰি দেশক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/31/whatsapp-image-2025-10-31-13-13-53.jpeg)
এই অনুষ্ঠানটিত একতা দৌৰত অংশগ্ৰহণ কৰা সকলোৱে ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰে। একতা দৌৰৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটিত উপস্থিত থাকি বটদ্ৰৱা আৰক্ষী থানা পৰ্যায় নাগৰিক সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি বৰাই "সাম্প্ৰতিক সময়ত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ খুব প্ৰয়োজনীয় হৈ পৰিছে। সকলোৱে তেখেতৰ আদৰ্শ গ্ৰহণ কৰক বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us