/asomiyapratidin/media/media_files/2025/10/31/bgjhswdgjhasdjkshdj-2025-10-31-11-32-59.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতবৰ্ষৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ঘিলামৰাতো পালন কৰা হয়। দেশৰ ঐক্যতা ,স্বতন্ত্ৰতা আৰু ঐতিহ্যৰ বুনিয়াদ মজবুত কৰাৰ সংকল্প গ্ৰহণেৰে শুকুৰবাৰে ঘিলামৰা আৰক্ষী থানাত সাৰ্বজনীন ভাবে উদযাপন কৰা হয় পেটেলৰ জন্ম জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস।
এই ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ঘিলামৰা আৰক্ষী প্ৰশাসনৰ উদ্যোগত পুৱা ঘিলামৰাত অনুষ্ঠিত কৰা হয় 'একতা দৌৰ'। ঘিলামৰা আৰক্ষী থানাৰ নব নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰক জ্যোতি লাহন, আৰক্ষী থানাখনৰ সকলো বিষয়া, কনিষ্টবল , গাঁওৰক্ষী বাহিনী আৰু নাগৰিক সমিতিৰ সদস্য , বিভিন্ন সামাজিক সংগঠনৰ নেতৃত্বয়ো এই একতা দিৱসৰ দৌৰত অংশ গ্ৰহণ কৰে।
ঘিলামৰা থানা চৌহদৰ পৰা ঘিলামৰা তিনিআলিহৈ পুনৰ ঘিলামৰা থানা চৌহদত সামৰণি মৰা এই একতা দৌৰৰ পৰৱৰ্তী সময়ত থানা চৌহদত দিৱস উপলক্ষত এক সভা অনুষ্ঠিত কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয়। ভাৰপ্ৰাপ্ত বিষয়া লাহন, উপ পৰিদৰ্শক অভিজিত দলে নাগৰিক সমিতিৰ সভাপতি দিলীপ বৰা গাঁওৰক্ষী বাহিনীৰ তুলসী গগৈ, ধৰণী চুতীয়া, ভাস্কৰ শইকীয়া, তিলেশ্বৰ চুতীয়া ,বিজু বৰুৱা,চন্দন ফুকন ,যতীন কলিতা ,উপেন সেনাপতি মুকুল দত্ত, হৰেণ দাসকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়া ,বিভিন্ন সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি দিৱসতি সাফল্যমণ্ডিত কৰি তোলে। দিৱস উপলক্ষত ঘিলামৰা আৰক্ষীয়ে "এক ভাৰত, আত্মনিৰ্ভৰ ভাৰত" গঠনৰ প্ৰক্ৰিয়াৰ অংশীদাৰী হৈ , প্ৰতিগৰাকী নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা আৰু সামাজিক শান্তি, শৃঙ্খলা, নিৰাপত্তা বৰ্তাই ৰখাৰ হেতু সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই যোৱাৰ অংগীকাৰ দোহাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us