গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন

অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন। গুৱাহাটীৰ মে'ফেয়াৰ ৰিজ'ৰ্টত অনুষ্ঠিত সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেশৰ বস্ত্ৰ শিল্প খণ্ডৰ বিকাশ আৰু ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ ‘ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬’ অনুষ্ঠিত হয়। অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন। ইপিনে গুৱাহাটীৰ মে'ফেয়াৰ ৰিজ'ৰ্টত অনুষ্ঠিত সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। 

WhatsApp Image 2026-01-08 at 6.43.41 PM

উল্লেখযোগ্য যে- এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধি। দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বস্ত্ৰমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰা পৰিলক্ষিত হয়। 

WhatsApp Image 2026-01-08 at 6.43.43 PM

এইখিনিতে উল্লেখ কৰিব লাগিব যে এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। তেওঁ কয় যে- অনাগত দিনত এই সন্মিলনে দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা প্ৰদান কৰিব। 

WhatsApp Image 2026-01-08 at 6.43.42 PM

গুৱাহাটী