/asomiyapratidin/media/media_files/2025/09/05/252-2025-09-05-18-15-47.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ৫ ছেপ্তেম্বৰত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱসটি আড়ম্বৰপূর্ণভাৱে উদযাপন কৰা হয়। উল্লেখযোগ্য এই অনুষ্ঠানতেই ২০২৫ বৰ্ষৰ বাবে নগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা নিৰ্বাচিত ২৭ গৰাকীকৈ কৃতি শিক্ষাগুৰুক জিলা "কৃতি শিক্ষক বটা ২০২৫" প্ৰদান কৰা হয়।
শিক্ষক দিৱসৰ অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি শিক্ষক দিৱস উদযাপনৰ তাৎপৰ্য আৰু মহত্বৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায় । নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথকে প্ৰমুখ্য কৰি শিক্ষা বিভাগৰ বিষয়া- কৰ্মচাৰী, ভাৰতীয় ষ্টেট বেংকৰ বিষয়া, আমন্ত্ৰিত অতিথি, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে।
শিক্ষক দিৱসৰ এই পবিত্ৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰদান কৰা কৃতী শিক্ষক বঁটা-২০২৫ ৰ প্ৰাপকসকল হ'ল ক্ৰমে- অঞ্জু শইকীয়া দাস, প্রধান শিক্ষয়িত্ৰী নগৰ মৰিকলং প্ৰাথমিক বিদ্যালয়, অৰ্পনা বৰা, প্রধান শিক্ষয়িত্ৰী নতুন জলাহ প্ৰাথমিক বিদ্যালয়, অনুপ্ৰভা দেৱীক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। একেদৰে প্রধান শিক্ষয়িত্ৰী, পূব -টুপাকুচি ডি. আতৈ বিদ্যাপীঠৰ পূৰ্ণিমা খাকলাৰী, প্রধান শিক্ষয়িত্ৰী ৫৭ নং লাটিয়মাৰি প্ৰাথমিক বিদ্যালয়, সাহিদা খাতুন, প্রধান শিক্ষয়িত্ৰী ২ নং কাঞ্চনপুৰ প্ৰাথমিক বিদ্যালয়, মিণু বৰা প্রধান শিক্ষয়িত্ৰী ৰেংবেং প্ৰাথমিক বিদ্যালয়, মো. আবুল বাচাৰ, সহকাৰী শিক্ষক ১০৩৫ নং ফুৰহাণী আটি মুক্তাব, হাবিবুৰ ৰহমান, প্রধান শিক্ষক ১ নং শালমাৰা বড়ী প্ৰাথমিক বিদ্যালয়, মণ্ডছ সতনামি, প্রধান শিক্ষক জাউকটা প্ৰাথমিক বিদ্যালয়, সূৰ্য্য কুমাৰ বৰা, সহকাৰী শিক্ষক বটদ্ৰৱা চৰকাৰী নিম্ন প্ৰাথমিক ছোৱালী বিদ্যালয়, মো. আয়ুব খান আলি, বিজ্ঞান শিক্ষক বালিগাঁও মধ্য ইংৰাজী বিদ্যালয়, গৌতম বৰা, সহকাৰী শিক্ষক কুৰহিমাৰি মজলীয়া বিদ্যালয়, পূৰ্ণকান্ত নাথ, প্রধান শিক্ষক জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, হেমকান্ত শইকীয়া, প্রধান শিক্ষক দীঘলদাৰি কাকতিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়, দিপালী নেওগ, প্রধান শিক্ষয়িত্ৰী ধিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, নীলামণি বৰাকো উক্ত বঁটাৰে সন্মানিত কৰে।
তাৰোপৰি সহকাৰী শিক্ষক ধনিয়াভেটী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মনোজ কুমাৰ বৰা , সহকাৰী শিক্ষক কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, জয়ন্ত শইকীয়া, অধ্যক্ষ/শৈক্ষিক ভাৰপ্ৰাপ্ত পুৰণিগুদাম আৰ. কে. বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়, শৰৎ চন্দ্ৰ ভূঞা, বিষয় শিক্ষক পি. এম. কুঠাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৰবী বৰা, সহকাৰী শিক্ষক মাৰোৱাৰী হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়, দীপ্তি দাস, সহকাৰী শিক্ষক নগাঁও বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয়, মৃগাংক বৰা, প্ৰশিক্ষক ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়,তোষেশ্বৰ বৰা, বিষয় শিক্ষক (পদাৰ্থ বিজ্ঞান) ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়,পদ্মকান্ত কলিতা, বিষয় শিক্ষক (ইংৰাজী) ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বসন্ত কুমাৰ গোস্বামী, অধ্যক্ষ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, বপধান নাথ, প্রধান শিক্ষক – আনন্দ কন্দলী উচ্চ মাধ্যমিক বিদ্যালয় আৰু জগতজ্যোতি বৰা, প্রধান শিক্ষক পি. ডি. জি. উচ্চ মাধ্যমিক বিদ্যালয়, বামুণীএই আটাইকেইগৰাকী শ্ৰদ্ধেয় শিক্ষাগুৰুক সন্মান প্ৰদান কৰা হয়।