মুছলপুৰত বিজ্ঞান দিৱস পালন

বাক্সা জিলাৰ মুছলপুৰত থকা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মুছলপুৰ খণ্ডৰ সৌজন্যত শনিবাৰে মুছলপুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
188

ডিজিটেল সংবাদ,বাক্সা : বাক্সা জিলাৰ মুছলপুৰত থকা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মুছলপুৰ খণ্ডৰ সৌজন্যত শনিবাৰে মুছলপুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এই অনুষ্ঠানত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নিৰুপমা হালৈয়ে সভাপতিত্ব কৰে।

WhatsApp Image 2026-02-28 at 5.09.46 PM (1)

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মুছলপুৰ খণ্ডৰ সমন্বয়ক ফুংখা বসুমতাৰীয়ে প্ৰকাশ কৰা অনুসৰি আজি পুৱাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰ্যভট্ট কেন্দ্ৰ বাক্সা জিলাৰ সমন্বয়ক হেমন্ত দাস । সভাত লগতে উপস্থিত থাকে বাক্সা জিলাৰ বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহৰ শৈক্ষিক সমন্বয়ক  লিকু কুমাৰ শৰ্মা আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল।

WhatsApp Image 2026-02-28 at 5.09.46 PM

অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা আমোদজনক বিভিন্ন বিজ্ঞান কাৰ্য্যকলাপেৰে অংশগ্ৰহণ কৰে মুঠ ১১০ ছাত্ৰ ছাত্ৰীসকলে। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্য অতিথি আৰু নিমন্ত্ৰিত অতিথি সকলে বিজ্ঞানীক চি ভী ৰমণৰ ন'বেল বঁটা লাভৰ ইতিহাস আৰু বিজ্ঞানৰ অনুসন্ধান আৰু বিজ্ঞানৰ প্ৰতি ধাউতি আৰু creativity  কাৰ্যকলাপৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ উৎদশ্য ৰাখি উৎসামূলক ভাষণেৰে সাফল্যমণ্ডিত কৰে।

মুছলপুৰ