Advertisment

কঠীয়াতলীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন : প্ৰয়াত হোমেশ্বৰ হীৰালৈ শ্ৰদ্ধা নিবেদন

কঠীয়াতলী প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন, পুৱা ১১-০০ বজাত সাংবাদিক পেঞ্চনাৰ প্ৰয়াত হোমেশ্বৰ হীৰাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাৰাম মজুমদাৰে।

author-image
Asomiya Pratidin
New Update
কামপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

ডিজিটেল সংবাদ, কামপুৰ : শনিবাৰে সমগ্ৰ দেশৰ লগতে কঠীয়াতলী প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। পুৱা ১১-০০ বজাত অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ প্ৰয়াত হোমেশ্বৰ হীৰাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কামপুৰ প্ৰেছ ক্লাবৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰে। 

Advertisment

সভাত সভাপতিত্ব কৰে কঠীয়াতলী প্ৰেছ ক্লাবৰ সভাপতি ঘনকান্ত বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অৰূপ বৰাই। 

আদৰণি অনুষ্ঠানৰ আঁত ধৰে মুক্তিকাম লস্কৰে। নিৰ্দিষ্ট বক্তা সভাৰাম মজুমদাৰে কঠীয়াতলীৰ অগ্ৰদূত কাকতৰ সংবাদদাতা প্ৰয়াত হোমেশ্বৰ হীৰাৰ কৰ্মৰাজি সন্দৰ্ভত আলোচনা কৰে। অতি নিষ্ঠাৰে সুদীৰ্ঘ কাল সাংবাদিকতা কৰি ২০২০ চনত অসম চৰকাৰৰ সাংবাদিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও নিষ্ঠুৰ নিয়তিৰ ৰোষত পৰি বহু প্ৰতিক্ষীত পেঞ্চন পোৱাৰ সময়তেই ২০২১ চনৰ ২০ মে’ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু আকোঁৱালি ল'ব লগা হ'ল। 

লগতে কয়- অতি পৰিতাপৰ বিষয় যে প্ৰয়াত হোমেশ্বৰ হীৰাই চৰকাৰৰ পৰা এটা টকা ভোগ নকৰাকৈ গ'ল আৰু হীৰাৰ পত্নী লক্ষীমাই মেধি হীৰায়ো আজি এটা টকাও নোপোৱাৰ বাবে দুখ প্ৰকাশ কৰে মজুমদাৰে। জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যক পেঞ্চনাৰ মোলান লস্কৰেও বিষয় সন্দৰ্ভত আলোচনা কৰে আৰু সাংবাদিকসকলে ভোগ কৰি অহা দুখ দুৰ্গতিৰ বিষয়ে আলোচনা কৰে। 

সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰাই বৰ্তমান সময়ত সাংবাদিকৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখিহে সাংবাদিকসকলক বাতৰি প্ৰেৰণ কৰিবলৈ কয়। সাংবাদিক পেঞ্চনাৰ নলিনী বৰঠাকুৰে প্ৰয়াত হোমেশ্বৰ হীৰাৰ সান্নিধ্য লাভ কৰাৰ কিছু স্মৃতি ৰোম মন্থন কৰে আৰু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক হীৰাৰ পৰিয়ালক পেঞ্চন পোৱাৰ বাধা আঁতৰাই পৰিয়ালটোক সকাহ দিবলৈ আহ্বান জনায়। 

সাংবাদিক কমলেশ্বৰ শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে বহু জ্ঞান অৰ্জন কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে সমাজ সেৱাৰ সুবিধা লাভ কৰা বুলি গৌৰৱ অনুভৱ কৰে।  সাংবাদিক ৰূপজ্যোতি ভূঞাই প্ৰেছ দিৱসৰ দিনটোত প্ৰয়াত হোমেশ্বৰ হীৰাৰ সোঁৱৰণত এটা বঁটা প্ৰদান কৰাৰ বাবে কঠীয়াতলী প্ৰেছ ক্লাবক অনুৰোধ জনোৱাৰ লগতে দক্ষিণ নগাঁও সাংবাদিক সন্থাটো পুণৰ উজ্জীৱিত কৰাৰ বাবে সকলৰে প্ৰতি আহ্বান জনায়। 

সভাপতি ঘনকান্ত বৰাই প্ৰতি বছৰে প্ৰেছ দিৱসত একোজনকৈ জ্যেষ্ঠ সাংবাদিকক প্ৰয়াত হোমেশ্বৰ হীৰাৰ নামত এটি বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰাৰ ক্ষেত্ৰত সম্পাদক অৰূপ বৰা, সাংবাদিক শান্তনু শৰ্মা, মুক্তিকাম লস্কৰ আৰু কৌশিক বৰাক অশেষ ধন্যবাদ জ্ঞাপন কৰে। 

অনুষ্ঠানত কামপুৰৰ জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়া, তৰুণ বৰুৱা, প্ৰশান্ত ৰাজবংশী, পুস্পেন্দ্ৰ বৰা আৰু পুষ্প চৌধুৰীৰ লগতে কেইবাজনো সাংবাদিকে অংশগ্ৰহণ কৰে। সভাৰ শেষত প্ৰেছ ক্লাবৰ সভাপতিসহ কেইবাগৰাকীও সাংবাদিক প্ৰয়াত হোমেশ্বৰ হীৰাৰ বাসগৃহলৈ গৈ তেওঁৰ পত্নী লক্ষীমাই মেধি হীৰাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে কঠীয়াতলী প্ৰেছ ক্লাৱে হোমেশ্বৰ হীৰাৰ স্মৃতি সদায় সজীৱ কৰি ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস NATIONAL PRESS DAY