ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সাংবাদিক ৰাজীৱ বৰালৈ বিশেষ সন্মান

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।সমগ্ৰ দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সাংবাদিক ৰাজীৱ বৰালৈ বিশেষ সন্মান প্ৰদান ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 3.22.22 PM

ডিজিটেল সংবাদ,বিশ্বনাথঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।সমগ্ৰ দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে।

প্ৰাণিধানযোগ্য যে  ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সাংবাদিক ৰাজীৱ বৰালৈ বিশেষ সন্মান প্ৰদান কৰা হয়। এই সন্মান জ্ঞাপন কৰে বিশ্বনাথ জিলা প্ৰশাসনে। 

তাৰোপৰি বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ উপস্থিতিত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ কাৰ্যসূচীত এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰে  সাংবাদিক ৰাজীৱ বৰাক।

উল্লেখ্য যে ২০০৫ চনত নতুন দিন কাকত আৰু ২০০৬ চনত দৈনিক অগ্ৰদূত কাকতৰ জৰিয়তে অসমৰ সংবাদ জগতত খোজ পেলোৱা সাংবাদিক ৰাজীৱ বৰাই ২০১১ চনৰ পৰা প্ৰাগ নিউজ চেনেলৰ গহপুৰৰ সাংবাদিক হিচাপে নিৰবিছিন্ন ভাবে সংবাদ সেৱা আগবঢ়াই আহিছে।

আনফালে গহপুৰৰ বিভিন্ন দল-সংগঠন আৰু বিভিন্ন ব্যক্তিৰ লগতে তেওঁৰ শুভাকাংক্ষী সকলে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে সাংবাদিক ৰাজীৱ বৰাক।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস