গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

অনুষ্ঠানটোত অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই এটা উপযুক্ত তথ্যৰ আধাৰত প্ৰকাশিত বাতৰিয়ে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাৰ কেইবাটাও উদাহৰণ দাঙি ধৰে।

author-image
Asomiya Pratidin
New Update
230

ডিজিটেল সংবাদ,গহপুৰ : গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। গহপুৰ সমজিলা কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিঙে কয় যে সুস্থ সমাজ গঠনত সংবাদ মাধ্যমৰ ভূমিকা আৰু দায়িত্ব অপৰিসীম।

সমাজৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ প্ৰতিগৰাকী সাংবাদিকৰ অধিকাৰ আৰু নিৰাপত্তা সুনিশ্চিত হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মুক্ত আৰু নিৰপেক্ষ সংবাদ সেৱাই সমাজত সততা প্ৰতিষ্ঠা কৰাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে। সহকাৰী নাজিৰ জিতু হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া চম্পক ডেকাই সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে চমু বাখ্যা আগবঢ়ায়।

সহকাৰী আয়ুক্ত সীমা গগৈ উপস্থিত থকা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়াই এটা বাতৰি প্ৰকাশৰ ক্ষেত্ৰত সাংবাদিকৰ কৰণীয় আৰু দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰি এটা বিভ্ৰান্তিমূলক বাতৰিয়ে সমাজত কেনেদৰে বিশৃংখল সৃষ্টি কৰিব পাৰে তাৰ বহল বাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই এটা উপযুক্ত তথ্যৰ আধাৰত প্ৰকাশিত বাতৰিয়ে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাৰ কেইবাটাও উদাহৰণ দাঙি ধৰে।

গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ সাধাৰণ সম্পাদক বিপ্লৱ নেওগে ভাষণত কয় যে সংবাদ সেৱাৰ কণ্টকময় পথত এগৰাকী সাংবাদিকৰ শিকিবলগীয়া বহুবোৰ দিশ থাকে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক তুৱাকান্ত দুৱাৰাৰ লগতে সাংবাদিক কুকিল বৰুৱা, কাজু শইকীয়া প্ৰমুখ্যে বিভিন্ন গৰাকী সাংবাদিকে নিজৰ নিজৰ মত প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গহপুৰ সমজিলা প্ৰশাসনে উপস্থিত প্ৰতিগৰাকী সাংবাদিকক একোখনকৈ নোট বুক আৰু একোটাকৈ কলমেৰে সন্মান জনায়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস