শিলচৰতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

সমগ্ৰ দেশৰ লগতে আজি শিলচৰতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত প্ৰেছ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ।

author-image
Asomiya Pratidin
New Update
233

ডিজিটেল সংবাদ, শিলচৰ : সমগ্ৰ দেশৰ লগতে আজি শিলচৰতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত প্ৰেছ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ।

জিলাখনৰ সৰহ সংখ্যক সাংবাদিক উপস্থিত থকা এই অনুষ্ঠানত Safeguarding press credibility amidst rising misinformation শীৰ্ষক আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ মাছ কমিনিকেছন বিভাগৰ মুৰব্বী অধ্যাপক ড' চাৰ্বাক। নিদিৰ্ষ্ট বক্তা হিচাপে সাময়িক প্ৰসংগ কাকতৰ সম্পাদক তৈমুৰ ৰাজা চৌধুৰী, আছাম ট্ৰিবিউনৰ শিলচৰৰ সাংবাদিক ড'অৰিন্দম গুপ্ত সহ কেইবাগৰাকী সাংবাদিকে বিষয় বস্তুৰ ওপৰত আলোকপাত কৰে।  

অনুষ্ঠানত সাংবাদিকসকলক উপহাৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰা হয়। প্ৰেছ দিৱসৰ বিষয়ে বিষদ দাঙি ধৰে জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱে।

শিলচৰ