মাজুলীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন : সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দ্দন দেৱগোস্বামী- বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে 'সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তা আৰু সামাজিক মাধ্যমৰ প্ৰত্যাহ্বান : সম্ভৱনীয়তা, মূল সুঁতিৰ সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট লেখক ড° নৱজ্যোতি দত্তই

author-image
Asomiya Pratidin
New Update
237

ডিজিটেল সংবাদ, উত্তৰ কমলাবাৰী : ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দেওবাৰে যুৱ সাংবাদিক সন্থা, অসমৰ উদ্যোগত  আপকু, মাজুলী জিলা সমিতি আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ শ্ৰীমন্তশঙ্কৰদেৱ কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ যুৱ সাংবাদিক সন্থা, অসমৰ কেন্দ্ৰীয় সভাপতি বুবুল হাজৰিকাই সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰে মাজুলী জিলা আপকুৰ সম্পাদক তীৰ্থ ভূঞাই ৷  

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে 'সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তা আৰু সামাজিক মাধ্যমৰ প্ৰত্যাহ্বান : সম্ভৱনীয়তা, মূল সুঁতিৰ সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট লেখক ড° নৱজ্যোতি দত্তই।

WhatsApp Image 2025-11-16 at 7.43.13 PM

তেখেতে বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু সামাজিক মাধ্যমে মূলসুঁতিৰ সংবাদ মাধ্যমৰ বাবে অনা প্ৰত্যাহ্বান কিদৰে মুখামুখি হব লাগিব তাৰ ওপৰত বিস্তিত আলোকপাত কৰি সময় আৰু সভ্যতাৰ পৰিৰ্বতনৰ লগে লগে আহি পৰা সংবাদমাধ্যমৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত আজিৰ মুকলি সভাখনত উপস্থিত থাকি মাজুলীৰ বিধায়ক ভুৱন গাম, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিত শইকীয়া আৰু যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলাৰ সভাপতি মুনিন্দ্ৰ ভূঞাই সাংবাদিকসকলৰ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিও ৰাইজৰ বাবে কৰি অহা কৰ্মৰাজিৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ 

WhatsApp Image 2025-11-16 at 7.43.11 PM

আজিৰ প্ৰেছ দিৱসৰ দিনটোতে মাজুলীৰ সমাজ জীৱনলৈ অৰিহণা যোগোৱা শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দদন দেৱগোস্বামী আৰু বিশিষ্ট মুখাশিল্পী তথা পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷  ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ জ্যেষ্ঠ সাংবাদিক তথা মাজুলী জিলা সাংবাদিক সন্থাৰ  সভাপতি দিবাকৰ শইকীয়া আৰু আপকুৰ কেন্দ্ৰীয় উপসভাপতি জীৱন বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

WhatsApp Image 2025-11-16 at 7.43.10 PM

আজিৰ সভাখনত যুৱ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক ঋতুপৰ্ণ চক্ৰৱৰ্তী, প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক কাঞ্চনজ্যোতি গোঁহাই, মাজুলী আছু, মাজুলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াৰ লগতে মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস