/asomiyapratidin/media/media_files/2025/11/15/1-2025-11-15-23-13-56.jpg)
ডিজিটেল ডেস্কঃ ১৬ নৱেম্বৰ, আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমগ্ৰ দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে।
এই বিশেষ দিনটোৰ পৰাই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে।
ভাৰতত সংবাদ মাধ্যমৰ স্বীধনতা সুৰক্ষা কৰিবলৈ প্ৰথম প্ৰেছ আয়োগে এখন প্ৰেছ কাউন্সি গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হয়। এই কাউন্সিল ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।
ভাৰতৰ প্ৰেছ আয়োগে ১৯৫৬ চনত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপনৰ পৰামৰ্শৰে ই সাংবাদিকতাত পেছাদাৰী নৈতিকতা বজাই ৰখাৰ সৰ্বেশ্ৰেষ্ঠ উপায় হ’ব বুলি সিদ্ধান্তত উপনীত হৈছিল।
১৯৭৮ চনৰ প্ৰেছ কাউন্সিল আইনৰ অধীনত ১৯৬৬ চনত ভাৰতীয় প্ৰেছ কাউন্সিল গঠন কৰা হৈছিল। ন্যায়াধীশ চন্দ্ৰমৌলী কুমাৰ প্ৰসাদ ভাৰতীয় প্ৰেছ কাউন্সিলৰ বৰ্তমানৰ অধ্যক্ষ। তেওঁক দ্বিতীয় কাৰ্যকালৰ বাবে নিযুক্তি দিয়া হৈছে। তেওঁ ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুৰ (২০১১-২০১৪) পিছত পৰিষদৰ অধ্যক্ষ হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us