মাৰ্ঘেৰিটা সম-জিলা উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

মাৰ্ঘেৰিটা সম-জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচী সম-জিলা আয়ুক্ত, মাৰ্ঘেৰিটা আৰু সম জিলা তথ্য আৰু জনসংযোগ বিভাগ মাৰ্ঘেৰিটা’ৰ যৌথ উদ্যোগত আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 4.41.58 PM

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা সম-জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচী সম-জিলা আয়ুক্ত, মাৰ্ঘেৰিটা আৰু সম জিলা তথ্য আৰু জনসংযোগ বিভাগ মাৰ্ঘেৰিটা’ৰ যৌথ উদ্যোগত আয়োজন কৰে। অনুষ্ঠানটো জাভেদ আলিৰ সংক্ষিপ্ত পৰিচয়মূলক ভাষণেৰে আৰম্ভ হয়। 

তাৰোপৰি,আদৰণী ভাষণত সম-জিলা আয়ুক্ত ৰাহুল দলেই সময়ৰ প্ৰৱাহত তথ্য সত্যতা পৰীক্ষাৰ পূৰ্বেই প্ৰসাৰিত হোৱা পৰিস্থিতিত দায়িত্বশীল সংবাদ প্ৰকাশ, ভুল স্বীকাৰ আৰু সংশোধনৰ মানসিকতাৰ গুৰুত্ব উল্লেখ কৰে। “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতা সুৰক্ষা” শীৰ্ষক এইবাৰৰ বিষয়বস্তুৰ প্ৰসংগত। লগতে সম-জিলাৰ সংবাদমাধ্যমৰ অৱদানক উচ্চ প্ৰশংসা কৰে। 

অনুষ্ঠানত মুখ্য বক্তাৰ ভাষণ আগবঢ়াই জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈয়ে। কয় যে আজিৰ ডিজিটেল যুগত তথ্যৰ অতি সহজ প্ৰবাহে সংবাদজগতক অত্যন্ত গতিশীল কৰি তুলিছে বুলি উল্লেখ কৰি মন্তব্য আগবঢ়াই। সংবাদ পৰিৱেশনৰ মাজত বিভ্ৰান্তিমূলক তথা অসত্য খবৰে এক গভীৰ সংকট সৃষ্টি কৰিছে। সামাজিক মাধ্যম অনিয়ন্ত্রিত অনলাইন উৎস আৰু দ্রুতগতিত তথ্য প্ৰচাৰৰ সুবিধাই সত্য আৰু মিছাৰ সীমা অস্পষ্ট কৰি দিছে। এই পৰিস্থিতিত সংবাদসেৱাৰ মূল দায়িত্ব হৈছে জনগণলৈ সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল তথ্য প্ৰদান কৰি বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখাৰ দায়িত্ব সংবাদকৰ্মী সকলৰ যথেষ্ট বৃদ্ধি পাইছে। ভাষণ প্ৰসংগত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ সংবাদমাধ্যমৰ ইতিহাস সম্পৰ্কেও চমু অৱলোকন আগবঢ়ায়। জেষ্ঠ সাংবাদিক তথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰে অনিশ্চিত সময়ত বিভ্ৰান্তিমূলক তথ্যৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। 

প্ৰাণিধানযোগ্য যে, তেওঁ কয় কয়লা উদ্যোগৰ স্থবিৰতাৰ ফলত, এই উদ্যোগত সম্পৃক্ত কৰ্মচাৰী আৰু স্থানীয় জনসাধাৰণৰ জীৱিকাৰ ওপৰত অনিশ্চয়তাই সৃষ্টি কৰিছে। তেওঁ বিষয়টোৰ ওপৰত স্বচ্ছ যোগাযোগ আৰু দায়িত্বশীল পুনৰুদ্ধাৰ পৰিকল্পনাৰ উদ্দেশ্যে পৰামৰ্শমূলক মঞ্চ গঠন কৰাৰ প্ৰস্তাৱ প্ৰদান কৰে। উত্তৰ স্বৰূপে সম-জিলা আয়ুক্তে জনায় যে প্রশাসনে বিষয়টো গভীৰভাৱে পৰ্যালোচনা কৰি আছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক সমিৰণ বৰঠাকুৰে বৰগোলাই অঞ্চলত বিশুদ্ধ সমস্যা সম্পৰ্কে সম জিলা আয়ুক্ত গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে।  ইয়াৰ উত্তৰ স্বৰূপে সম-জিলা আয়ুক্ত ৰাহুল দলে জনায় যে অঞ্চলটোৰ ভৌগোলিক গঠন সম্পৰ্কীয় তথ্য বিজ্ঞান ভিত্তিক সমীক্ষা আৰু প্ৰযুক্তিগত বিশ্লেষণ ইতিমধ্যে চলি আছে। 


তাৰোপৰি আজিৰ সভাই স্পষ্টভাৱে প্ৰতিপন্ন কৰে যে সংবাদসেৱাৰ বিশ্বাসযোগ্যতা সুৰক্ষিত ৰাখিব লগীয়া দায়িত্বটো কেৱল সাংবাদিকৰ নহয়; প্রশাসন, সংবাদমাধ্যম আৰু সাধাৰণ জনতাৰ সংযুক্ত প্ৰচেষ্টাই ইয়াক শক্তিশালী কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকসকলক তেওঁলোকৰ দীর্ঘদিনৰ উল্লেখযোগ্য অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপনৰে সম জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মান জনোৱা হয়। সমজিলা তথ্য আৰু জনসংযোগ বিষয়া গুৰমিত কৌৰ চুৰীয়ে ভাষণ প্ৰসংগত  উপস্থিত অতিথি, সংবাদকৰ্মী কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে বৰ্তমানৰ ডিজিটেল সংবাদ-ব্যৱস্থাৰ প্ৰেক্ষাপট উল্লিখিত কৰি তেওঁ কয় যে দ্ৰুত আপডেট, ‘ব্ৰেকিং’ৰ প্ৰভাৱ, ‘লাইক’ আৰু ‘ভিউ’-ৰ প্রতিযোগিতামূলক পৰিবেশত ত্ৰুটিহীন, সত্যনিষ্ট তথ্য প্ৰচাৰই অধিক গুৰুত্বপূৰ্ণ।

সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক “সৰ্বাধিক শক্তিশালী সম্পদ” হিচাপে আখ্যা দি, নৈতিকতা, সংযম আৰু প্ৰশাসনিক পৰিপক্কতাৰ সৈতে এই সম্পদ সুৰক্ষাৰ আহ্বান জনায়। লগতে সংবাদমাধ্যমক প্ৰশাসনৰ “সজাগ দিশদৰ্শক” বুলি আখ্যা দি দুই পক্ষৰ সু-সম্পর্কক পুনৰ স্মৰণ কৰে। অনুষ্ঠানটো এক ইতিবাচক আৰু আগবাঢ়ি যোৱা মনোভাৱৰে সমাপ্ত হয়, য’ত সম-জিলাৰ সামগ্ৰিক উন্নয়ন ক্ষেত্ৰত সংবাদমাধ্যম আৰু প্রশাসনে একেলগে আগবাঢ়ি যোৱাৰ সদিচ্ছা ব্যক্ত কৰা হয়।

মাৰ্ঘেৰিটা