গ্ৰেটাৰ নগাঁও জু-জিৎসু সংস্থাৰ খেলুৱৈৰ সফলতা

ৰাষ্ট্ৰীয় জু-জিৎসু প্ৰতিযোগিতাত অসম দলত স্থান প্ৰাপ্ত নগাঁও জিলাৰ ৰাইডঙীয়াৰ কৃষাশ্ৰী হাজৰিকাই সোণৰ পদক(ছোৱালীৰ ১৮ বছৰৰ অনুধ শাখাৰ ফাইটিং চিষ্টেমত) পাবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
528

ডিজিটেল সংবাদ, নগাঁও : উত্তৰ প্ৰদেশৰ হাল্দোৱানীৰ ইণ্ডিৰা গান্ধি ইণ্ডৰ ষ্টেডিয়ামত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জু-জিৎসু প্ৰতিযোগিতাত অসম দলত স্থান প্ৰাপ্ত নগাঁও জিলাৰ ৰাইডঙীয়াৰ কৃষাশ্ৰী হাজৰিকাই সোণৰ পদক(ছোৱালীৰ ১৮ বছৰৰ অনুধ শাখাৰ ফাইটিং চিষ্টেমত) পাবলৈ সক্ষম হৈছে।

একেদৰে আইভেটি পহুকটাৰ প্ৰাচূয্য প্ৰতিম বৰাই সোণৰ পদক (ল'ৰাৰ ১৬ অনুৰ্ধ্বৰ নে-ৱাজা শাখাত) লাভ কৰাৰ বিপৰীতে আইভেটিৰ হৰষিতা কাশ্যপে  (ছোৱালীৰ ১০ বছৰৰ অনুৰ্ধ্ব নে-ৱাজা ) সোণৰ পদক লাভ কৰে। তাৰোপৰি ৰাইডঙিয়াৰ নিহাৰিকা বৰা ৰূপৰ পদক(ছোৱালীৰ নে-ৱাজাত) লাভ কৰিবলৈ সক্ষম হয়।

WhatsApp Image 2025-12-26 at 10.32.56 PM

ৰাজ্যিক দলটোৰ ৰজাগাঁৱৰ অনুস্কা ৰাজাই ৰূপৰ পদক (ছোৱালীৰ ১৪ অনুধ্বৰ ফাইটিংত) আৰু পহুকটাৰ অৰপিতা বৰাই ব্ৰঞ্জৰ পদক দুটা(ছোৱালীৰ ১০ বছৰৰ অনুধ্বৰ ফাইটিং আৰু নে-ৱাজাত),আইভেটিৰ হৰষিতা কাশ্যপে ব্ৰঞ্জ(ছোৱালীৰ ১০ বছৰৰ ২২ কেজি অনুধ্বৰ ফাইটিং শাখাত,)ৰাইডঙিয়াৰ নিহাৰিকা বৰাই ব্ৰঞ্জ পদক(ছোৱালীৰ ফাইটিং) পদক আজুৰি আনি সমগ্ৰ অসমৰ লগতে নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনে।

উল্লেখ্য যে এই সকলো কেইজন খেলুৱৈয়ে গ্ৰেটাৰ নগাও জু-জিৎসু সংস্থাৰ অধীনত প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় জু-জিৎসু ৰেফাৰী ৰিকু কটকীৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উক্ত প্ৰতিযোগিতাত অসম দলে ২৮ টা সোন,২৭ টা আৰু৩৮ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান পাবলৈ সক্ষম হয়।

এই সফলতাত গ্ৰেটাৰ নগাওঁ জু-জিৎসু সংস্থাৰ সভাপতি ব্ৰজেন কাকতি, কাৰ্যকৰী সভাপতি সুশিল খাউণ্ড,সম্পাদক ৰিকু কটকী আৰু প্ৰচাৰ সম্পাদক মানৱ  জ্যোতি বৰাই সংস্থাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰে।

নগাঁও