ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক দিল্লী বিস্ফোৰণ কাণ্ডৰ তদন্তৰ দায়িত্ব

ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত হোৱা বিস্ফোৰণ কাণ্ডৰ পিছতে নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হৈ এই সিদ্ধান্ত লয় গৃহমন্ত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিল্লী লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত অৰ্পণ কৰিছে। এই পদক্ষেপে স্পষ্টভাৱে ইংগিত দিছে যে চৰকাৰে এই বিস্ফোৰণ কাণ্ডক একসন্ত্ৰাসবাদী কাৰ্য্য বুলি বিবেচনা কৰিছে, কিয়নো এনআইএ-ক কেৱল সন্ত্ৰাসবাদী ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব দিয়া হয়।

ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত হোৱা বিস্ফোৰণ কাণ্ডৰ পিছতে নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হৈ এই সিদ্ধান্ত লয় গৃহমন্ত্ৰী গৰাকীয়ে। এই সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয় যে, শীৰ্ষ তদন্তকাৰী সংস্থাসমূহে বিস্ফোৰণ সন্দৰ্ভত গভীৰভাৱে তদন্ত অব্যাহত ৰাখিছে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰি ৰখা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নিছাৰ আলমক শনিবাৰে বিয়লি ব্যাপক সোধা-পোছাৰ অন্তত মুকলি কৰি দিয়ে। তেওঁৰ পৰিয়ালে এই কথা নিশ্চিত কৰি কয় যে জেৰাৰ পিছত তেওঁক ক্লীন চিট দিয়া হৈছিল।

আনহাতে, দিল্লী বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত একেখন বিশ্ববিদ্যালয়ৰ চাৰিজন চিকিৎসকক তদন্তাকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, ১০ নৱেম্বৰৰ সন্ধিয়া লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপৰ এক ট্ৰেফিক চিগনেলত এখন গাড়ীত এই বিস্ফোৰণটো সংঘটিত হৈছিল। এই ঘটনাত কমেও ১২ জন লোক নিহত হৈছিল আৰু কেইবাখনো বাহন জ্বলি ছাই হৈ গৈছিল।

নিয়া