/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ, গুৱাহাটী : উত্তৰ -পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমে্ আয়োজন কৰি অহা চলচ্চিত্ৰম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কাইলৈৰ পৰা অৰ্থ্যাৎ ২৯ আৰু ৩০ নবেম্বৰত দুদিনীয়াকৈ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন চলচ্চিত্ৰত আৰম্ভ হ'ব। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰিছে চলচ্চিত্ৰমৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগবত প্ৰীতমে ৷
উল্লেখ্য, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে্ ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷ এই প্ৰতিযোগিতাৰ মূল বিষয় ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ৰ ৷
বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সহযোগী অনুষ্ঠান চলিচিত্ৰম্ (www.chalachitram.in)ৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ছবি মহোৎসৱ প্ৰতিযোগিতাত উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত সীমাবদ্ধ আছে । ভাৰতীয় ঐতিহ্য, খিলঞ্জীয়া সমাজ, স্বাধীনতা আন্দোলনৰ নায়ক, মহাকাব্য আৰু পৌৰাণিক কাহিনী, জাতীয় সংহতি , কলা আৰু সংস্কৃতি, পাণ্ডুলিপি , চিত্ৰকলা, সংগ্ৰহালয়, সংগীতজ্ঞ, লেখক, খিলঞ্জীয়া উৎসৱ, জাতি-জনগোষ্ঠী, কীৰ্তিচিহ্ন আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰ, পৰম্পৰাগত ক্ৰীড়া, মহিলা সবলীকৰণ, পৰম্পৰা আৰু পাৰিবাৰিক মূল্যবোধ, যোগ আৰু আয়ুৰ্বেদ, সাংস্কৃতিক জাতীয়তাবাদ, চাহ আৰু তেল, পৰিৱেশ, কৃষি, শিক্ষা, মানৱ অধিকাৰ, উত্তৰ-পূব ভাৰতৰ পৰ্যটনৰ সম্ভাৱনা আদিৰ লগতে ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ন, পৰিবেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমচেন ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে আমন্ত্ৰণ কৰা হৈছিল ৷
আনহাতে, মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণ দৈৰ্ঘৰ ছবিও প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ কথা আয়োজক সকলে জানিবলৈ দিয়ে ৷ বিশ্ব সংবাদ কেন্দ্ৰ-অসমৰ সহযোগী প্ৰতিষ্ঠান চলিচিত্ৰমৰ উদ্যোগত দুদিনীয়া উক্ত প্ৰতিযোগিতামূলক আৰু কেৱল প্ৰদৰ্শনী দুয়োটা শিতানত প্ৰায় ৩০ খন চুটি ছবি আৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব।
ভাৰত বালাৰ পৰিচালনাৰ ‘অহম ভৰতম’ ছবিখন উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ’ব ৷ আনহাতে পীয়ুষ ঠাকুৰৰ পৰিচালনাৰ ‘দ্য ফাৰ্ষ্ট ফিল্ম’ সামৰণি ছবি হিচাপে প্ৰদৰ্শিত হ'ব। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ‘মন যায়’ ছবিখনৰো বিশেষ প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বিশিষ্ট সমাজসেৱক ড০ সুনীল মহান্তিয়ে শনিবাৰে পুৱা ১০ বজাত চলচ্চিত্ৰমৰ নেচনেল ফিল্ম উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। শিল্পী, সমালোচক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে গঠিত জুৰী ব’ৰ্ডে নিৰ্বাচন কৰা বিজয়ী ছবিসমূহক দেওবাৰে আবেলি ৪ বজ্ত ট্ৰফী, প্ৰমাণপত্ৰ, আৰু নগদ ধনেৰে সন্মানিত কৰা হ’ব। সামৰণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আনহাতে, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলি আয়োজক সকলে জানিবলৈ দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us