ৰাষ্ট্ৰীয় এলিট বক্সিংঃ ফাইনেলত লাভলীনা বৰগোহাঁই...

ছেমি ফাইনেলৰ গুৰুত্বপূৰ্ণ যুঁজত লাভলীনা বৰগোহাঁই উত্তৰ প্ৰদেশৰ ইমৰজ খানৰ মুখামুখি হয়। সমগ্ৰ খেলখনত আধিপত্য বিস্তাৰ কৰি লাভলীনাই ইমৰজক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ৰাষ্ট্ৰীয় এলিট বক্সিং চেম্পিয়নশ্বিপত অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইৰ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত আছে। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত লাভলীনাই একপক্ষীয় জয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

ছেমি ফাইনেলৰ গুৰুত্বপূৰ্ণ যুঁজত লাভলীনা বৰগোহাঁই উত্তৰ প্ৰদেশৰ ইমৰজ খানৰ মুখামুখি হয়। সমগ্ৰ খেলখনত আধিপত্য বিস্তাৰ কৰি লাভলীনাই ইমৰজক ৫-০ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে লাভলীনাই প্ৰতিযোগিতাখনৰ স্বৰ্ণ পদকৰ যুঁজত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে।

ইফালে, প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত পৰাস্ত হ’লেও ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আন দুই বক্সাৰ অংকুশিতা বড়ো আৰু গীতিমণি গগৈয়ে। দুয়োগৰাকী বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

জানিব পৰা মতে, ছেমি ফাইনেলত ৰে’লৱেৰ শক্তিশালী প্ৰতিদ্বন্দ্বী প্ৰিয়াৰ বিৰুদ্ধে যুঁজ দি অংকুশিতা ৫-০ ব্যৱধানত পৰাস্ত হয়। আনহাতে, গীতিমণি গগৈ সৰ্বভাৰতীয় আৰক্ষীৰ স্নেহাৰ বিৰুদ্ধে ৫-০ ব্যৱধানত পৰাস্ত হয়।

উল্লেখযোগ্য যে, ছেমি ফাইনেলত থমকি ৰ’লেও দুয়োগৰাকী অসম কন্যাই লাভ কৰা ব্ৰঞ্জৰ পদকে ৰাজ্যখনৰ ক্ৰীড়া মহলত আনন্দৰ লহৰ তুলিছে। এতিয়া সকলোৰে চকু লাভলীনা বৰগোহাঁইৰ ফাইনেল যুঁজখনৰ ওপৰত, য’ত তেওঁ সোণৰ পদক জয়ৰ বাবে ৰিঙত নামিব।

লাভলীনা বৰগোহাঁই