/asomiyapratidin/media/media_files/2025/11/26/4-2025-11-26-18-48-54.jpg)
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ ৰাষ্ট্ৰীয় কল মজদুৰ ইউনিয়নে মাৰ্ঘেৰিটাত এক উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণৰ কৰে । মাৰ্ঘেৰিটা নগৰস্থিত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ প্ৰাংগনত ৰাষ্ট্ৰীয় কল মজদুৰ ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল আৰু শ্ৰম কোডৰ চৰকাৰী জাননী প্ৰত্যাহাৰৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-18-43-38.jpeg)
উল্লেখ্য যে ৰাষ্ট্ৰীয় কল মজদুৰ ইউনিয়নৰ সভাপতি প্ৰদীপ ঘোষাল আৰু সচীব মন্তোছ টায়েৰ নেতৃত্বত বহু সংখ্যক শ্ৰমিক কৰ্মচাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইপিনে প্ৰতিবাদকাৰী নেতৃত্বই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক শ্ৰমিক বিৰোধী নীতিৰ বন্ধ কৰাৰো দাবী জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-18-44-07.jpeg)
আনফালে প্ৰতিবাদস্থলীত ক'ল ইণ্ডিয়াৰ স্থানীয় কৰ্তৃপক্ষই প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদক সন্মান জনাই তেখেতসকলৰ দাবী উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰিব বুলি প্ৰতিবাদকাৰী সকলক আশ্বাস প্ৰদান কৰাত চিটুৰ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখা পৰিলক্ষিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-18-45-37.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us