অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন আৰম্ভ

বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ এন বি এ আই এম,ৰ সঞ্চালক ড: আলোক কে শ্ৰীবাস্তৱে  সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,যোৰহাটঃ   অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ এগ্ৰিকালচাৰেল মাইক্ৰ অৰ্গেনিজিম মেন্যুফেকচাৰাৰছ এণ্ড ফাৰ্মাৰ্চ এচোছিয়েশ্যন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত আয়োজিত সন্মিলনৰ আজি শুভাৰম্ভ কৰা হয়।

বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ এন বি এ আই এম,ৰ সঞ্চালক ড: আলোক কে শ্ৰীবাস্তৱে  সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত বৃহৎ জনসংখ্যাৰ দেশখনত কৃষি উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়াস কৰাৰ সমান্তৰালকৈ অপকাৰী কীট পতংগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহা সময়ত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰাটো বৃহৎ প্ৰত্যাহ্বান হিচাবে ঠিয় দিছে বুলি উল্লেখ কৰে।

লগতে কৃষিৰ বহন ক্ষমতা ৰক্ষাৰ বাবে সঠিক নীতি আৰু অঞ্চল ভিত্তিত সময়োচিত প্ৰস্তুতিৰে আগবাঢ়িব লাগিব বুলি মত পোষণ কৰে। বহনক্ষম উন্নয়নৰ বাবে কৃষিৰ  উদীয়মান ধাৰা শীৰ্ষক বিষয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক তথা আয়োজক সমিতিৰ সভাপতি ড০ সঞ্জয় কুমাৰ চেতিয়াই কৃষি তথ্য প্ৰযুক্তি উদ্ভাৱন আৰু প্ৰসাৰৰ জৰিয়তে অসমৰ কৃষি বিশ্ববিদ্যালয়ে দেশৰ কৃষি অৰ্থনীতিও উত্তৰণৰ দিশত আগবঢ়োৱা বৰঙণিৰ লগতে জৈৱিক কৃষিৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰে।

 অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথিৰ বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰাকৃতিক কৃষিৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। বিশেষকৈ গৱেষণাৰ জৰিয়তে জৈৱিক কীটনাশকৰ আৰু জৈৱৰাসায়নিক উদ্ভাৱনৰ জৰিয়তে কৃষিক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে।

জৈৱিক কৃষিৰ জৰিয়তে মাটি আৰু পানীৰ গুণাগুণ অক্ষুণ্ণ ৰাখি কেনেকৈ অধিক উৎপাদনৰ কৰিব পাৰি এই দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে। আয়োজক মহাৰাষ্ট্ৰৰ নাছিকৰ আম্মাৰ প্ৰেচিডেন্ট তথা সন্মিলনৰ সমন্বয়ক ধন্যানেশ্বৰ ৱাগচুৰে বক্তব্যত আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰিবলৈ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক কীটনাশকৰ আৰু জৈৱিক সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

কৃষি উৎপাদন বৃদ্ধিৰ সমান্তৰালকৈ উৎপাদনৰ বহন ক্ষমতা ৰক্ষা কৰা প্ৰয়োজন বুলি প্ৰকাশ কৰে । অনুষ্ঠানত ছ'ছাইটিৰ বিভিন্ন শাখাৰ সন্মান সমূহ প্ৰদান কৰা হয়। এই শাখাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় । 

সন্মিলনত উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ আৰু গ্ৰন্থ উন্মোচন কৰা উদ্বোধনী অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে আয়োজক সমিতিৰ সাংগঠনিক সম্পাদিকা ড০ পপী বৰাই। উল্লেখযোগ্য যে এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক গৱেষক বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে গৱেষণা পত্ৰ পাঠ কৰাৰ লগতে জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

অসম কৃষি বিশ্ববিদ্যালয়