/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/delhi.jpg)
ডিজিটেল ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সংঘটিত হৈছে অট্টালিকা খহি পৰাৰ ঘটনা। ৰাষ্ট্ৰীয় ৰাজধানীৰ মুস্তাফাবাদস্থিত বাবু নগৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এই ঘটনাত এজন লোকৰ মৃত্যু হৈছে আৰু তিনিজন লোক গুৰুতৰ ভাৱে আহত হৈছে।
জানিব পৰা মতে এটা অট্টালিকাৰ ২ মহলা খহি পৰিছে। ঘটনাত আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ৪ জন লোকক উদ্ধাৰ কৰে। ইয়াৰে এজন লোকৰ পৰৱৰ্তী সময়ত মৃত্যু হয়।
ইফালে ধ্বংস্তূপৰ মাজত আন লোক সোমাই আছেনেকি, সেই বিষয়েও অনুসন্ধান চলাই থকা হৈছে। এই আশংকাতে বহু সময় ধৰি চলে উদ্ধাৰ অভিযান। অৱশ্যে ধ্বংস্তূপৰ মাজত আন লোক সোমাই নথকাটো নিশ্চিত হৈছে। সেয়ে উদ্ধাৰ অভিযান সমাপ্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ ফালৰ পৰা কোৱা হৈছে যে- মুস্তফাবাদস্থিত বাবু নগৰৰ এটা গলিত দেওবাৰে পুৱা প্ৰায় ৫ বজাত এটা ঘৰ খহি পৰে। অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈ চাৰিজন লোকক উদ্ধাৰ কৰা হৈছে।