নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত পাঁচমাইলত বিধায়ক পদ্ম হাজৰিকাৰ বিশাল সভা

বিধায়ক গৰাকীয়ে দুই কোটি টকাৰে নিৰ্মাণ হ'বলগা সমষ্টিটোৰ পুৰণি আলিমূৰৰ পৰা পাঁচমাইল হৈ চামধৰা সংযোগী পথ, দহলাখ টকাৰে নিৰ্মাণ হ'ব লগা পাঁচমাইল হাইস্কুলৰ খেলপথাৰ উন্নয়ন আৰু দহ লাখ টকাৰে নিৰ্মাণ হ'ব লগা পাঁচমাইল সামূহিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত পাঁচমাইলত বিধায়ক পদ্ম হাজৰিকাৰ বিশাল সভা। সমষ্টিটোত নতুনকৈ সংযোজন হোৱা একমাত্ৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হিচাপে পৰিচিত পাঁচমাইলৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰে। ইপিনে সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে কয় যে- কোনো সন্দেহজনক লোকক যাতে এই অঞ্চলত প্ৰচয় নিদিয়ে ৷ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিবৰ কাৰণে এটা শক্তিয়ে এই অঞ্চলত অহৰহ চেষ্টা কৰি আহিছে আৰু সেই চক্ৰক আমি ওফোৰাই পেলাব লাগিব ৷ চোৰ-ডকাইত,মদ-জুৱা তথা ড্ৰাগছৰ ঘাটি সমূহ উচ্চেদ কৰিব লাগিব ৷ এই ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপ লৈ আহিছে সেই ক্ষেত্ৰত আমি সকলোৱে সহযোগ আগবঢ়াব লাগিব বুলি মন্তব্য কৰে ৷ 

উল্লেখ যে, এসময়ত কংগ্ৰেছৰ ঘাটিৰূপে পৰিচিত সংখ্যালঘু অধ্যুষিত এই পাঁচমাইলত তিনিটাকৈ উন্নয়ন মূলক আঁচনিৰো নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে দুই কোটি টকাৰে নিৰ্মাণ হ'বলগা সমষ্টিটোৰ পুৰণি আলিমূৰৰ পৰা পাঁচমাইল হৈ চামধৰা সংযোগী পথ, দহ লাখ টকাৰে নিৰ্মাণ হ'ব লগা পাঁচমাইল হাইস্কুলৰ খেলপথাৰ উন্নয়ন আৰু দহ লাখ টকাৰে নিৰ্মাণ হ'ব লগা পাঁচমাইল সামূহিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

পদ্ম হাজৰিকা পাঁচমাইল