/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/83637c16-48b7-4cee-9aaa-800de6859747.jpg)
ডিজিটেল ডেস্কঃ মহাকাশত এনে বহু ৰহস্য লুকাই আছে যিবোৰৰ উত্তৰ বৰ্তমানলৈ বৈজ্ঞানিকসকলে লাভ কৰা নাই। কিন্তু সেই উত্তৰ বিচাৰি বৈজ্ঞানিকসকলে প্ৰতিদিনে অবিৰতভাৱে কাম কৰি আছে। তাৰ মাজতে নাছাই দিলে এক খবৰ। নাছাৰ বৈজ্ঞানিকে এনে এটা গ্ৰহৰ সন্ধান চলাই আছিল য'ত পৃথিৱীৰ দৰেই কোনো প্ৰাণী জীয়াই থাকিব পাৰে। আৰু সেই দিশতেই এখোজ আগবাঢ়িছে নাছা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/newplanet-1111Untitled-2.jpg)
প্ৰায় পৃথিৱী সদৃশ্য এটা গ্ৰহৰ সন্ধান লাভ কৰিছে নাছাৰ বৈজ্ঞানিকসকলে। নাছাৰ ষ্টানছিটিং এক্স'প্লেনেট ছাৰ্ভে ছেটেলাই চমুকৈ টেছে অন্য এক সৌৰজগতত সন্ধান লাভ কৰিছে এই গ্ৰহটোৰ। বৈজ্ঞানিকসকলে সদৰী কৰা অনুসি এই গ্ৰহটো কেৱল পৃথিৱীৰ দৰে দেখিবলৈয়েই নহয়, ইয়াৰ আকাৰো আমাৰ পৃথিৱীৰ সমান। আৰু এই গ্ৰহটোও এটা নক্ষত্ৰৰ চাৰিও দিশে নিজৰ কক্ষত পৰিক্ৰমা কৰি আছে।
লক্ষণীয় যে, এটা নক্ষত্ৰ পৰা যিমানখিনি দূৰত্বত থাকিলে এটা গ্ৰহত জল আৰু স্থল অংশৰ সৃষ্টি হয়, সিমানখিনি দূৰত্বতেই আছে এই গ্ৰহটো নিজৰ নক্ষত্ৰটোৰ পৰা। টিঅআই ৭০০ ডি নামেৰে নামাকৰণ কৰা এই গ্ৰহটোৰ সন্দৰ্ভত জানিবলৈ এতিয়াও বহুখিনি বাকী আছে যদিও, ই বিজ্ঞানজগতৰ বাবে এক ডাঙৰ সফলতা।
নাছাৰ এজন বৈজ্ঞানিকে এই সন্দৰ্ভত কয়- 'আমি এটাপ্ৰশ্নৰ উত্তৰ বিচাৰি আছো। এটা সৰু নক্ষত্ৰৰ চাৰিওদিশে নিজ কক্ষত ঘূৰি থকা কোনো গ্ৰহতজীৱৰ সন্ধান লাভ কৰিম নে নকৰো। আৰু এই গ্ৰহটোৰ সন্ধান সেই প্ৰশ্নৰ উত্তৰ দিশে একবৃহৎ খোজ বুলি আমি ভাবিছো।'
এই নতুন গ্ৰহটোৰ সন্ধানৰ পাছত বৈজ্ঞানিকসকলেসময়ৰ সৈতে চলাই যাব বিভিন্ন গৱেষণা। আৰু গৱেষণাৰ পাছত এসময়ত ইয়াত কোনো জীৱৰ সন্ধানলাভ কৰিলে সঁচাকৈ ই হ'ব এক ডাঙৰ সফলতা। কিয়নো বৰ্তমানলৈ একমাত্ৰ আমাৰ পৃথিৱীতেইজীৱ জীয়াই আছে।