/asomiyapratidin/media/media_files/2026/02/24/kdjfkjdfkjsdf-2026-02-24-14-10-45.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা সভাপতি পদুমী গগৈৰ পৌৰোহিত্যত দেওবাৰে সন্ধিয়া ৬.৩০ বজাত গুগুল মীট যোগে অনুষ্ঠিত হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় আৰু সেইমর্মে সিদ্ধান্ত গ্রহণ কৰা হয়।
উল্লেখ্য যে, অসম লেখিকা সমাজে প্রতি বছৰে আন্তর্জাতিক নাৰী দিৱসত 'নাৰী কৰ্ম প্ৰেৰণা বঁটা' প্রদান কৰি আহিছে। অসম লেখিকা সমাজৰ কার্যনির্বাহক সদস্য ডঃ ইন্দিৰা শইকীয়া প্রদত্ত ন্যাসেৰে তেখেতৰ প্ৰয়াত মাতৃ ৰূপৱতী শইকীয়াৰ সোঁৱৰণত এইবাৰ যুটীয়াভাৱে নাৰী কর্ম প্ৰেৰণা বঁটা আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত দুগ্ধজাত পণ্য উৎপাদক বজালীৰ জুনা তামুলী বৰ্মন আৰু গুৱাহাটীৰ সৌন্দর্য বিশেষজ্ঞা, লেখিকা মালা মহন্ত ভূঞালৈ।
দুয়োগৰাকী নাৰীয়ে নিজ নিজ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে আন বহুতক কর্ম সংস্থাপন দি আদর্শ সৃষ্টি কৰাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। আনহাতে, বিশিষ্ট সমাজ সেৱক নুৰুল হকে আগবঢ়োৱা ন্যাসেৰে প্ৰীতিৰেখা হাজৰিকালৈ, বিশিষ্ট সমাজ সেৱিকা জেমিম আখতাৰে আগবঢ়োৱা ন্যাসেৰে নিৰু গগৈলৈ অসম লেখিকা সমাজৰ বিশেষ সাংগঠনিক পাৰদৰ্শিতা বঁটা আগবঢ়োৱা হৈছে। হেমলতা শৰ্মা, মাধুৰী দাস, অৰুন্ধতী কোঁৱৰ, সবিতা বৰ্মন, ৰেখামণি বুঢ়াগোহাঁই আৰু মৃদুলা কাকতিলৈ সাংগঠনিক পাৰদৰ্শিতা বঁটা আগবঢ়োৱা হয়।
ৰেচিমা বেগম, অৰ্চনা চৌধুৰী, বিজু বৰবৰা, ডালিমী তালুকদাৰ, ৰেণু কোঁৱৰ ফুকন, বন্দনা তালুকদাৰ, ওৱাহিদা আহমেদ, উষাকিৰণ মজুমদাৰ, ৰিংকুমণি ফুকন আৰু মণিকা বড়ো দত্তলৈ সাংগঠনিক পাৰদৰ্শী অনুপ্ৰেৰণা বঁটা আগবঢ়োৱা হৈছে। সমর্পিত মনলৈ অসম লেখিকা সমাজৰ সাংগঠনিক কাম কাজত আত্মনিয়োগ কৰাৰ বাবে এওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হৈছে।
অহা ৮ মার্চত অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ সহযোগত অসম সাহিত্য সভা প্রাংগণস্থিত জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত কেন্দ্রীয়ভাবে উদাপিত হ'ব লগীয়া আন্তর্জাতিক নাৰী দিৱস উদযাপনৰ মুকলি সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। উক্ত মুকলি সভাতে কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ মুখপত্র 'শতৰূপা', নীলাঞ্জনা পাচনিৰ উপন্যাসিকা 'অবিন্যস্ত সময়ৰ মালিতা' আৰু ৰুকীয়া বেগমে জনপ্রিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ 'কাঞ্চন' উপন্যাস হিন্দীলৈ অনুবাদ কৰা 'কঞ্চন' উন্মোচন কৰা হ'ব।
দেওবাৰৰ সভাত শিশুসকলৰ উৎকৰ্ষ সাধনৰ বাবে গঠন কৰা 'লৰিয়লি' অনুষ্ঠানৰ সন্দৰ্ভতো আলোচনা কৰা হয় আৰু অনুষ্ঠানটো সুকলমে পৰিচালনা কৰাৰ বাবে এগৰাকী মুখ্য আহ্বায়িকা দিয়াৰ প্ৰস্তাৱ লোৱা হয়। গাম্ভীর্যপূর্ণ সভাখনৰ আঁত ধৰে সম্পাদক জ্যোতি মালাকৰ কাকতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us