/asomiyapratidin/media/media_files/2026/02/28/udjdjdj-2026-02-28-14-37-03.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ সন্মুখত ৰঙৰ উৎসৱ হোলী। ৰঙৰ উৎসৱ হোলীৰ প্ৰাকক্ষণত নাৰেংগীৰ আৰ্মী স্কুলত অনুষ্ঠিত হ'ল প্ৰাকৃতিক ৰং তৈয়াৰ কৰাৰ এক কৰ্মশালা। পৰিৱেশ অনুকূল হোলী উদযাপনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল।
অসম চৰকাৰৰ অধীনস্থ 'আচাম চাইন্স টেকন'ল'জি এণ্ড এনভাইৰণমেন্ট কাউন্সিল' চমুকৈ 'এছটেকে' ৰূপায়ন কৰা পৰিবেশ শিক্ষা অভিযানৰ অধীনত নাৰেংগী আৰ্মী স্কুলে 'ৰুৰেল ওমেন আপলিফ্টমেন্ট এছ'ছিয়েচন অব আছাম' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সহযোগত অনুষ্ঠিত কৰা এদিনীয়া এই কর্মশালাখন বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে নাৰেংগী আৰ্মী স্কুলৰ প্ৰিন্সিপাল ডঃ বন্দনা বৰুৱাই।
এই কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি 'প্ৰতিদিন টাইম'ৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ আৰু 'এছটেক'ৰ প্ৰকল্প বিষয়া এইছ এম সিনহাই পৰিবেশ হিতৈষী হোলী উদযাপনৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে 'দ্যা গ্ৰীণ গ্লোব' নামৰ সংস্থাটোৰ সচিব ৰাজেশ দত্ত বৰুৱা।
বিভিন্নধৰণৰ প্ৰাকৃতিক উপাদানেৰে কেনেদৰে ৰং প্ৰস্তুত কৰি পৰিবেশ অনুকূল হোলী উদযাপন কৰিব পাৰি সেই বিষয়ে শিক্ষাৰ্থীসকলক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে ৰাজেশ দত্ত বৰুৱাই। এই কৰ্মশালাত নাৰেংগী আৰ্মী স্কুলৰ ইক' ক্লাৱৰ তত্বাৱধায়ক শিক্ষয়িত্ৰী নৱনীকা দত্ত আৰু 'ৰুৰেল ওমেন আপলিফ্টমেন্ট এছ'ছিয়েচন অব আছাম'ৰ বিষয়া ডঃ ছাইমন বৰদলৈও উপস্থিত থাকে। এই কৰ্মশালাখনত নাৰেংগী আৰ্মী স্কুলৰ লগতে মহানগৰীৰ আগশাৰীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us