১৪ মাৰ্চত শিলচৰত মোডীৰ বৃহৎ সভা: ২৪ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কৰিব আধাৰশিলা

শিলচৰৰ ৰামনগৰ বাইপাছৰ অম্বিকাপুৰত প্ৰায় ৩০ লাখ বৰ্গফুট এলেকা সামৰি অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ‌ সভাস্থলীত আয়োজিত এক সংবাদমেলত সোমবাৰে এই কথা সদৰী কৰে বৰাক উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে।

author-image
Asomiya Pratidin
New Update
cvsdfsdfdfdfdf

ডিজিটেল সংবাদ, শিলচৰঃ অহা ১৪ মাৰ্চত শিলচৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।‌ কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰ কৰা ২২ হাজাৰ ৮৬৪ কোটি টকা ব্যয়েৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পাচগ্ৰামৰ পৰা বৰাপানী হাইস্পিড হাইৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। লগতে ৫৬৬ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব লগা শিলচৰৰ ফ্লাই অভাৰ আৰু শ্ৰীভুমি জিলাৰ পাথাৰকান্দিত স্থাপন হ'ব লগা কৃষি মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এই তিনিটা কামৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও ১৪ মাৰ্চৰ দিনা শিলচৰ-বদৰপুৰ-চুৰাইবাৰী সংযোগী নতুন বৈদ্যুতিক ৰেলপথ চোৱাৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে সিদিনা প্ৰায় ২৪ হাজাৰ ২০৫ কোটি টকা ব্যয়েৰে এই চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।

শিলচৰৰ ৰামনগৰ বাইপাছৰ অম্বিকাপুৰত প্ৰায় ৩০ লাখ বৰ্গফুট এলেকা সামৰি অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ‌ সভাস্থলীত আয়োজিত এক সংবাদমেলত সোমবাৰে এই কথা সদৰী কৰে বৰাক উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে। ১৪ মাৰ্চত পুৱা ৯বজাত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ এই সভাত ৰাজ্যপাল লক্ষণ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ কেইবাজনো‌ মন্ত্ৰী বিধায়কৰ লগতে বিভাগীয় শীৰ্ষ বিষয়া সকল উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীৰ‌ সভাত প্ৰায় দুই লাখ লোকৰ‌ সমাগম হ'ব বুলিও‌ মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায়ে। সোমবাৰে মন্ত্ৰী কৌশিক ৰায়, কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াসহ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া সকলে সভাস্থলী পৰিদৰ্শন কৰি টিমৰ অগ্ৰগতিৰ বুজ লয়।

প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোডী