/asomiyapratidin/media/media_files/2026/01/22/new-ap-web-2026-01-22-21-34-18.jpeg)
ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰাম (WEF)ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুসময় পূৰ্বে ফেচবুক লাইভ যোগে ৰাজ্যবাসীক সম্বোধন কৰে। এই লাইভত মুখ্যমন্ত্ৰীগৰাকীয়ে ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অংশগ্ৰহণৰ অভিজ্ঞতা আৰু অসমৰ বাবে লাভ কৰা বৃহৎ বিনিয়োগ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, এইবাৰ প্ৰথমবাৰৰ বাবে অসমে আনুষ্ঠানিকভাৱে ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অংশগ্ৰহণ কৰিছে। ফ’ৰামৰ সময়ছোৱাত তেওঁ বিশ্বৰ বিভিন্ন দেশৰ আগশাৰীৰ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগ গোটৰ প্ৰতিনিধিৰ সৈতে একাধিক বৈঠক আৰু আলোচনা কৰে। এই আলোচনা সমূহৰ ফলস্বৰূপে প্ৰায় ৮০ হাজাৰৰ পৰা ৯০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি অসমে লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে।
এই ডাভোছ যাত্ৰা সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অহা ২৪ জানুৱাৰীত অসমলৈ উভতি আহিব। উভতি আহি তেওঁ পোনে পোনে বৰক্ষেত্ৰীলৈ গৈ মহিলা উদ্যমিতা আঁচনিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পাছদিনা অৰ্থাৎ ২৫ জানুৱাৰীত ডুমডুমাত ‘এটি কলি দুটি পাত’ আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰি, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত পতাকা উত্তোলন কৰিব। অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সেইদিনা ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰা হ’ব।
এই ফেচবুক লাইভত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত ৰাজ্যত নতুন নিযুক্তি প্ৰদান কৰা হ’ব। এই নিযুক্তিসমূহ PWD, মীন বিভাগৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগত দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰোপৰি, অহা ১৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ পুনৰ অসমলৈ অহাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা নতুন দলংখন শুভ উদ্বোধনৰ বাবে প্রধানমন্ত্রীক আমন্ত্ৰণ জনোৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us