
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৌদ্ধপুনিয়াস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সংঘটিত হৈছে অঘটন । ফলত বিদ্যালয় খনৰ দ্বাদশ শ্ৰেণীৰ ৯ গৰাকীকৈ ছাত্ৰক ছাত্ৰাবাসৰ পৰা বহিস্কাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ জানিব পৰা মতে যোৱা ১৩ মাৰ্চত উক্ত বহিস্কৃত ছাত্ৰ কেইগৰাকীয়ে বিদ্যালয় চৌহদতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল দেবাশিষ দেউৰী নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰক ৷
১৩ মাৰ্চত সংঘটিত হোৱা ঘটনাটোত আহত ছাত্ৰগৰাকীৰ পিতৃ অনিল দেউৰীয়ে নাৰায়ণপুৰ থানাত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আজি অভিযুক্ত ৯ গৰাকী ছাত্ৰক থানালৈ লৈ আনে ৷ ইয়াৰ পিছতে বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ কেইগৰাকীক বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা বহিস্কাৰ কৰে যদিও পিতৃ-মাতৃৰ কাতৰ অনুৰোধত চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷
ইফালে অধ্যক্ষগৰাকীৰ চুড়ান্ত অনুশাসন হীনতাৰ ফলত ৯ গৰাকীকৈ ছাত্ৰ কাজিয়াত লিপ্ত হৈ বহিস্কাৰ হ'ব লগা হোৱা ঘটনাত চিন্তিত হৈ পৰিছে অভিভাবকসকল ৷ উল্লেখ্য যে বিদ্যালয় খনত অধ্যক্ষগৰাকীৰ দায়িত্বহীনতাৰ বাবেই সঘনাই ছাত্ৰৰ মাজত সংঘটিত হৈ আহিছে মাৰপিতৰ জঘন্য ঘটনা ।