Advertisment

নাৰায়ণপুৰৰ পানবাৰীত বেচৰকাৰী সংস্থা ‘মেন ইন ব্লু’ৰ চেনিটাইজেচন…

নাৰায়ণপুৰৰ পানবাৰীত বেচৰকাৰী সংস্থা ‘মেন ইন ব্লু’ৰ চেনিটাইজেচন…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰৰ পানবাৰীত বেচৰকাৰী সংস্থা ‘মেন ইন ব্লু’ৰ চেনিটাইজেচন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: মহামাৰী কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা লকডাউনৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পানবাৰীৰ "মেন ইন ব্লু" নামৰ বে-চৰকাৰী সংস্থাটোৱে বৃহত্তৰ পানবাৰী দলনীৰ পৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপলৈ প্ৰায় ২ কিলোমিটাৰ দৈঘ্যৰ ৰাজ্যিক পথছোৱা চেনিটাইজেচন কৰি বিজানুমুক্ত কৰাৰ চেষ্টা চলায় ।

Advertisment

সংস্থাটোৰ সভাপতি প্ৰশান্ত বৰা আৰু সম্পাদক শৰৎ শইকীয়াৰ নেতৃত্বত স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্য সকলে পথচোৱাৰ দুয়োকাষে চেনিটাইজেচন কৰে । উল্লেখ্য যে সংস্থাটোৰ সদস্য সকলে লকডাউনৰ সময়চোৱাত অঞ্চলটোৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে আৰ্থিক সাহাৰ্যও বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । সংস্থাটোৰ এনে জনকল্যাণমূলক কামৰ সলাগ লৈছে অঞ্চলটোৰ ৰাইজে ।