নাৰায়ণপুৰৰ অশোক গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্ঞানদ্বীপ ফুকনে...

নাৰায়ণপুৰৰ অশোক গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্ঞানদ্বীপ ফুকনে...

author-image
Asomiya Pratidin
New Update
নাৰায়ণপুৰৰ অশোক গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্ঞানদ্বীপ ফুকনে...

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ  নাৰায়ণপুৰৰ এখন গাঁৱত এতিয়া উৎসৱমুখৰ পৰিৱেশ। কিয়নো এই গাঁওখনৰ প্ৰথমগৰাকী সন্তান উৰ্ত্তীণ হৈছে এ পি এছ চিৰ দ্বাৰা আয়োজিত পৰীক্ষাত। নাৰায়ণপুৰৰ অশোক গাঁৱৰ কৃতি শিক্ষাৰ্থী জ্ঞানদ্বীপ ফুকন শেহতীয়াকৈ সফলতা লাভ কৰিছে এ পি এছ চি পৰীক্ষাত।

Advertisment

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষা ৭১টা পদৰ বাবে অনুষ্ঠিত হৈছিল। এই পৰীক্ষাতে জ্ঞানদ্বীপ ফুকনে সহকাৰী অভিযন্তা ৰূপে নিযুক্তি লাভ কৰিছে। সৰুৰে পৰাই অতি মেধাৱী জ্ঞানদ্বীপ ফুকনেই হৈছে অশোক গাঁৱৰ প্ৰথমগৰাকী এ পি এছ চি পৰীক্ষাত উৰ্ত্তীণ শিক্ষাৰ্থী। জ্ঞানদ্বীপৰ এই সফলতাৰ বাবে অশোক গাওঁবাসীয়ে কৃতি শিক্ষাৰ্থীগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, পলিগন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদ্বীপ ফুকন বিৰিঞ্চি ফুকন আৰু জুলি ফুকনৰ একমাত্ৰ পুত্ৰ। অসম লোকসেৱা আয়োগে আয়োজন কৰা এই পৰীক্ষাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহুকেইটা বিভাগৰ অভিযন্তা পদৰ বাবে আবেদন বিচৰা হৈছিল। যোৱা ২৯আগষ্টত ঘোষণা কৰা হৈছিল এই ফলাফল।

Also Read: বকলীয়াঘাটত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পাঁচদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...

নাৰায়ণপুৰ