
ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত দলং ভাঙি পানীত পৰিল বাইক আৰোহি ৷ ধলপুৰৰ ব'ঠাখনাত মিতিৰ ফুৰিবলৈ আহি লখিমপুৰ নগৰৰ এহাল দম্পতি পিছলা নৈৰ ওপৰত থকা বাঁহৰ দলঙেৰে পাৰ হওঁতেই সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ উল্লেখ্য যে স্বাধীনতাৰ ৭ দশকৰ পিছতো অঞ্চলটোৰ মাজেৰে বৈ যোৱা পিচলা নৈৰ ওপৰত থকা বাহঁৰ জৰাজীৰ্ণ দলং খনেৰে বছৰ বছৰ ধৰি পাৰাপাৰ হৈ আহিছে অঞ্চলটোৰ লোক সকল ।
বিগত সময়চোৱাত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক ভগ্নপায় দলং খনৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও আজিকোপতি এখন পকী দলং লাভ কৰিবলৈ সক্ষম নহ'ল ৷
পৰিনতিত জৰাজীৰ্ণ দলংখনেৰে পাৰাপাৰ হ'বলৈ যাওতেই সংঘটিত হোৱা উক্ত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল এটা কনমানী সহ বাইক আৰোহী দম্পতীৰ ৷ স্থানীয় ৰাইজৰ তৎপৰতাত বহু কষ্টৰে পানীৰ পৰা উদ্ধাৰ কৰিলবলৈ সক্ষম হ'ল বাইক সহ আৰোহীক ৷