/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-13-18-54.jpeg)
ডিজিটেল ডেস্কঃ আজি শ্বহীদ দিৱস। ৰাজ্যজুৰি অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণকৰা পৰিলক্ষিত হৈছে। এই বিশেষ দিনটোতে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/966324da-b1c7-4e93-8aac-32000773f605-2025-12-10-13-16-44.jpg)
উল্লেখ্য যে, আজিৰ এই চিৰ স্মৰণীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে- আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো। এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব। অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই সপোনসমূহ পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। এনেদৰে এক পোষ্টযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/47e4d23c-9e97-4f81-8dc8-f5420ea36571-2025-12-10-13-17-09.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us