প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল

 দুদিনীয়া অসম ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক বিপুল আদৰণি জনোই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 4.52.39 PM

ডিজিটেল ডেস্কঃ  দুদিনীয়া অসম ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক বিপুল আদৰণি জনোই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অর্কিড টার্মিনেল ভৱন উদ্বোধন কৰে।

9ab01eb4-1f9d-4021-bd94-a69ba65114d6

উল্লেখ্য যে, ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্রায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰিছে।

4d236b44-6291-4f14-ae0e-c313206b0efe

প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰতে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। তেওঁ লগতে টার্মিনেল ভৱনৰ বাহিৰত এক জনসভাতো অংশগ্ৰহণ কৰে। তাৰ পাছতে প্রধানমন্ত্রীয়ে সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়লৈ হ'বলগীয়া বৃহৎ ৰোড শ্ব'ত অংশগ্রহণ কৰে। ইপিনে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

cdde1fd1-ec56-497c-8904-ca920e5c59d4

নৰেন্দ্ৰ মোডী