/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-08-16-15.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। আজি ৰাজ্যবাসীক কেইবা হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উপহাৰ আগবঢ়াব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিছু সময় পাছতে কলিয়াবলৈ ৰাওণা হ'ব প্ৰধামন্ত্ৰীগৰাকী।
/asomiyapratidin/media/post_attachments/telegraph/2025/Dec/1764643243_prime-minister-narendra-modi-addresses-the-media-on-the-first-day-of-the-winter-session-of-parliament-in-new-delhi-monday-dec-1-2025-509635.jpg)
আজি দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব । প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব।
/asomiyapratidin/media/post_attachments/9C7C/production/_133006004_modiprofilepic-873957.jpg)
ইপিনে যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমবাসীক উপহাৰ দিব দুখনকৈ ‘অমৃত ভাৰত এক্সপ্ৰেছ’। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ৰে'লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক সুচল আৰু আৰামদায়ক কৰি তুলিব। এই ৰে'লে যাত্ৰীৰ বাবে বিশ্বমানৰ সুবিধা থাকিব, যি অসমৰ ৰে’ল যাতায়াতক এক নতুন মাত্ৰা প্ৰদান কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/xdf-2026-01-18-08-15-59.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us