/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-202-2026-02-26-15-30-17.jpeg)
ডিজিটেল ডেস্কঃ সকলোতে চৰ্চা লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যাপক চৰ্চা লাভ কৰিছে।
দেখা গৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফ’ল’ৱাৰ ১০০ মিলিয়ন অৰ্থাৎ ১০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰি সামাজিক মাধ্যমৰ প্লেটফৰ্মত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-imag-2026-02-26-15-26-20.jpeg)
উল্লেখযোগ্য যে, ২০১৪ চনত ইনষ্টাগ্ৰামত সংযোগ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোডীয়ে যোগদান কৰা বিগত দশকত নিজৰ একাউণ্টটোক বিশ্বৰ নেতাসকলৰ মাজত আটাইতকৈ সক্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা ডিজিটেল প্লেটফৰ্মলৈ ৰূপান্তৰিত কৰিছে। ডিজিটেল প্লেটফৰ্মত তেওঁৰ উপস্থিতি ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে যিয়ে ভাৰত আৰু বিদেশ উভয়ৰে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰা এক স্থায়ী কৌশল হিচাবে প্ৰতিফলিত কৰিছে ৷ এই কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-i-2026-02-26-15-28-12.jpeg)
আনফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সামাজিক মাধ্যমৰ প্লেটফৰ্ম এক্সত ১০.৬২ মিলিয়ন ফ’ল’ৱাৰ থকাৰ বিপৰীতে ফেচবুকত তেওঁৰ ৫৪ মিলিয়ন ফ’ল’ৱাৰ আছে । এই পৰিসংখ্যাই সমগ্ৰ বিশ্বতে বিশেষকৈ বিশ্বৰ কনিষ্ঠ দৰ্শকৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ প্ৰসাৰ আৰু শক্তিশালী সংযোগ প্ৰতিফলিত কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us