/asomiyapratidin/media/media_files/2026/02/14/whatsapp-imag-2026-02-14-17-03-37.jpeg)
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু ৰাইজৰ বাবে উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিভাৱে মুকলি কৰিলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। প্ৰায় ৩০৩০ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এই নতুন দলংখন মুকলি কৰে প্রধানমন্ত্ৰীগৰাকীয়ে। দিনৰ প্ৰায় ১.১৫ বজাত প্ৰধানমন্ত্রীয়ে সেতুখন উদ্বোধন কৰি কিছুসময় অতিবাহিত কৰি অত্যাধুনিক সেতুখন পৰিদৰ্শন কৰি ব্ৰহ্মপুত্র নদীৰ সৌন্দৰ্য উপভোগ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-ima-2026-02-14-17-02-41.jpeg)
এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সুবিধাসমূহ হৈছেঃ
১. উত্তৰ গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ সুচল যাতায়াত
২. উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত সহায়তা
৩. ৰাজধানীৰ সামগ্ৰিক উন্নয়ন
৪. মূল দলঙৰ দৈৰ্ঘ্য- ১.২৪ কিঃমিঃ
৫. মূল দলঙৰ প্ৰস্থ- ৩৩ মিটাৰ
৬. উৰণ সেতুৰ দৈৰ্ঘ্য- ২.৭৬ কিঃমিঃ
৭. সংযোগ পথৰ দৈৰ্ঘ্য- ৩.৬৫ কিঃমিঃ
উল্লেযখ্য যে, এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উল্লেখনীয় বৈশিষ্ট্য সমূহ হৈছেঃ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us