/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-2026-02-14-16-03-04.jpeg)
ডিজিটেল ডেস্কঃ অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। খানাপাৰাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত ‘বুথ বিজয় সংকল্প সভা’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকী। সভাত উপস্থিত হৈ বুথ বিজয় সংকল্প সভাত অসমীয়াতেই ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
/asomiyapratidin/media/post_attachments/71282a78-adb.png)
‘জয় আই অসম’ ধ্বনিৰে ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্রধানমন্ত্ৰী মোদীয়ে কয়, অসম বুথ পৰ্যায়ৰ কাৰ্যকতাৰ সাক্ষাৎ পোৱাটো মোৰ সৌভাগ্য। বুথ পৰ্যায়ৰ কাৰ্যকতাসকলেই আমাৰ চালিকা শক্তি। জন সেৱাক ধৰ্ম বনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে- কংগ্ৰেছে সদায় উপেক্ষা কৰিছিল উত্তৰ-পূবক।
কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰতিটো পইচাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। বিজেপিৰ দিনত কংগ্ৰেছৰ তুলনাত ৫ গুণ অধিক ধন লাভ কৰিছে। বিজেপিৰ দিনত অসমে ৫.৫লাখ কোটি টকা অনুদান লাভ কৰিছে। কংগ্ৰেছে অসমৰ কেতিয়াও প্ৰকৃত উন্নয়ন কৰিব নোৱাৰে। বাজেটত উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাত গুৰুত্ব দিয়া হৈছে। যোগাযোগ ব্যৱস্থা সুচল হ’লে নিয়োগৰ সুযোগ বৃদ্ধি পায়। যোগাযোগ ব্যৱস্থা সুচল হ’লে পৰ্যটকৰ সংখ্যা বৃদ্ধি পায়। আগন্তুক দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত নদী পৰ্যটন ত্বৰান্বিত হ’ব। সেই উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ‘বুকুত পৰীক্ষা পে’ চৰ্চা কৰা হৈছে। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ বিমান অৱতৰণ কৰিলে। আজি অসমত সূচনা হ’ল নতুন ইতিহাস। এতিয়া অসমৰ ৰাজপথত গাড়ীয়েই নচলে, অসমৰ ৰাজপথত এতিয়া যুদ্ধ বিমানো অৱতৰণ কৰে। অসমত বিজেপি চৰকাৰ হোৱাৰ বাবে এনে উন্নয়ন সম্ভৱ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us