/asomiyapratidin/media/media_files/2026/01/26/1-2026-01-26-10-59-52.jpg)
ডিজিটেল ডেস্কঃ আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। দেশজুৰি উদযাপন গৌৰৱময় গণৰাজ্য দিৱস। এইবাৰ গণৰাজ্য দিৱসৰ থীম হৈছে ''বান্দে মাতৰম ১৫০ বৰ্ষ ''। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পতাকা উপুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে। লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলী জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsap-2026-01-26-11-00-15.jpeg)
উল্লেখ্য যে, গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে x ত লিখে যে- গণৰাজ্য দিৱস উপলক্ষ্যে মোৰ সকলো দেশবাসীলৈ বহুত অভিনন্দন জ্ঞাপন কৰিছো।গণৰাজ্য দিৱস আমাৰ স্বাধীনতা, সংবিধান, আৰু গণতান্ত্ৰিক মূল্যবোধৰ এক শক্তিশালী প্ৰতীক। এই উৎসৱে আমাক জাতি গঢ়ি তোলাৰ সংকল্পৰে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ নতুন শক্তি আৰু প্ৰেৰণা দিয়ে। ভাৰতৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক এই ৰাষ্ট্ৰীয় উৎসৱে আপোনালোক সকলোৰে মাজত নতুন শক্তি আৰু উৎসাহৰ সৃষ্টি কৰক। এখন উন্নত ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক তাৰেই কামনা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-2-2026-01-26-11-01-52.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us