/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-08-20-05.jpg)
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অহাৰ সমান্তৰালকৈ বৰঝাৰত নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/modi-2-2025-12-17-08-18-45.jpg)
উল্লেখ্য যে , প্ৰধানমন্ত্ৰী আগমনক লৈ সষ্টম হৈ পৰিছে সকলো। গুৱাহাটীত প্ৰায় তিনিটাকৈ কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।ইপিনে প্ৰথমবাৰলৈ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। ইপিনে বশিষ্ঠস্থিত কাৰ্যালয়ৰ পৰা ৪ কিলোমিটাৰৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/images-6-2025-12-17-08-19-24.jpg)
২১ ডিচেম্বৰৰ পুৱা সতী সাধনী শান্তি উদ্যানলৈ গৈ ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ অসম আন্দোলৰ ৫৬০ জন শ্বহীদ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে। মুঠৰ ওপৰত বহু কেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ আহিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us