/asomiyapratidin/media/media_files/2025/09/16/354-2025-09-16-09-43-49.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ চাপৰৰ নাথপাৰাত বোকাৰে লুতুৰিপুতুৰি হৈছে প্ৰতিজন লোক। ইজনে সিজনক বগৰাই দিছে বোকাত। শ্ৰীকৃষ্ণৰ জন্মষ্টমী উপলক্ষে বহলপুৰৰ নাথপাৰাস্থিত শিৱ মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই নন্দোৎসৱৰ।
নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক আকৰ্ষণীয় অনুষ্ঠান। নন্দোৎসৱত এইদৰে অনুষ্ঠিত হয় পৰম্পৰাগত অনুসৰি বোকা ভাওনা।
শিশুৰ পৰা ডেকালৈ নাম প্ৰসংগ গাই বোকাত লুতুৰিপুতুৰি হৈ আনন্দ উল্লাস কৰাৰ লগতে মাখন চুৰি অৰ্থাৎ হাড়ি ভঙা খেলত অংশগ্ৰহণ কৰে। প্ৰবাদ অনুসৰি বোকা খেল খেলিলে বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।